ETV Bharat / bharat

বেংগালুৰুত কোৱাৰেণ্টাইনত অমান্তি, দিল্লীলৈ পুনৰ প্ৰত্যাৱৰ্তন যাত্ৰীক ! - বেংগালুৰু ৰে'লেৱে ষ্টেচন

বেংগালুৰু ৰে'লৱে ষ্টেচনত নাভূত-নাশ্ৰুত কাণ্ড । বেংগালুৰুত উপস্থিত হৈয়ে ১৯ গৰাকী যাত্ৰীৰ কোৱাৰেণ্টাইন থকাক লৈ অমান্তি । পুনৰ দিল্লীলৈ প্ৰত্যাৱৰ্তন যাত্ৰী সকলক ।

বেংগালুৰুত কোৱাৰেণ্টাইনত অমান্তি, দিল্লীলৈ পুনৰ প্ৰত্যাৱৰ্তন যাত্ৰীক !

author img

By

Published : May 15, 2020, 10:45 AM IST

বেংগালুৰু, ১৫ মে': বৃহস্পতিবাৰে দিল্লীৰ পৰা বেংগালুৰুলৈ এক বিশেষ ৰে'ল যোগে অহা ১৯ গৰাকীকৈ যাত্ৰীক পুনৰ দিল্লীলৈ প্ৰত্যাৱৰ্তন কৰা হয় । বেংগালুৰু ৰে'লেৱে ষ্টেচনত নামিয়ে কোৱাৰেণ্টাইন থকাক লৈ অমান্তি হয় যাত্ৰীকেইজন । ইয়াৰ পাচতেই ১৯ গৰাকী যাত্ৰীক পুনৰ দিল্লীলৈ ঘূৰি যাবলৈ কোৱা হয় ।

লক্ ডাউনৰ বাবে ৫০ দিনতকৈ অধিক সময় দিল্লীত আৱদ্ধ হৈ থকাৰ পাচত বেংগালুৰুত প্ৰত্যাৱৰ্তন কৰিয়ে বাধ্যতামূলক ১৪ দিনৰ কোৱাৰেণ্টাইন থকাক লৈ অমান্তি হয় ১৯ গৰাকীকৈ যাত্ৰী । পিচত যাত্ৰী সকলক পূনৰ দিল্লীলৈ ঘূৰাই পঠিয়াবলৈ এটা অতিৰিক্ত AC-৩ স্তৰৰ ডবা দিল্লীলৈ নিশা যোৱা বিশেষ ৰে'লখনত (#০২৬৯১) সংযুক্ত কৰা হয় । বেংগালুৰু ৰে'লৱেৰ বিভাগীয় পৰিচালক এ কে বাৰ্মাই সংবাদ মাধ্য়মৰ আগত সদৰি কৰে এই কথা ।

প্ৰাৰম্ভিক অৱস্থাত বেংগালুৰুলৈ প্ৰত্যাৱৰ্তন কৰা ১৪০ গৰাকী লোকে দিল্লীলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ ইচ্ছা প্ৰকাশ কৰিছিল । ইয়াৰে ১০০ গৰাকীয়ে পিচত নিজৰ সিদ্ধান্ত সলনি কৰে । ৰাজ্য় চৰকাৰ, আৰক্ষী, ৰে'লৱেৰ উচ্চ বিষয়াৰ দ্বাৰা অনুনয়-বিনয়, আলোচনাৰ পাচত কোৱাৰেণ্টাইনৰ সন্মতি প্ৰদান কৰে ।

ৰে'লৱে আৰক্ষী বলৰ পৰামৰ্শ অধীনত কৰ্ণাটক চৰকাৰে কোৱাৰেণ্টাইন থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰা লোক সকলক প্ৰত্যাৱৰ্তন ৰে'লৰ যোগেদি পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বুলি বৰ্মাই জানিবলৈ দিয়ে ।

মঙলবাৰে নিশা নতুন দিল্লীৰ পৰা ৯২০ গৰাকী যাত্ৰী ছুপাৰফাষ্ট ৰে'লত উঠিছিল । ৬৮০ গৰাকী যাত্ৰী বেংগালুৰুত আহি উপস্থিত হৈছিল । আনহাতে ২৪০ গৰাকী যাত্ৰী অন্যান্য ষ্টেচনত নামিছিল বুলি জনোৱা হৈছে ।

প্ৰায় ২০০ গৰাকী যাত্ৰীয়ে হোটেল আৰু হ'ষ্টেলত কোৱাৰেণ্টাইন থাকিবলৈ বিৰোধ প্ৰদৰ্শন কৰি নিজকে কৰ'ণা মুক্ত অভিহিত কৰি ঘৰলৈ যোৱাৰ ওপৰত অধিক জোৰ প্ৰদান কৰিছিল বুলি কোৱা হয় । কিন্তু নিয়ম অনুসৰি অন্যান্য ৰাজ্য়ৰ পৰা অহা সকলো লোককে ১৪ দিনৰ কোৱাৰেণ্টাইন থকাটো বাধ্য়তামূলক । ইয়াৰে বিপৰীতে ৪০০ গৰাকী লোকে কোৱাৰেণ্টাইন থাকিবলৈ মান্তি হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.