ETV Bharat / bharat

1885-2019 : অযোধ্যা ৰাম মন্দিৰৰ বিতৰ্কিত ইতিহাস - অযোধ্যা ৰাম মন্দিৰ বিবাদ

বুধবাৰে উচ্চতম ন্যায়ালয়ে সংৰক্ষণ কৰি ৰাখে অযোধ্যা ৰাম মন্দিৰ বিবাদৰ ৰায়দান ৷ অতীতৰে পৰা চলি আহিছে অযোধ্যা ৰাম মন্দিৰৰ ভূমি সংক্ৰান্তীয় বিতৰ্ক....

1885-2019 : অযোধ্যা ৰাম মন্দিৰৰ বিতৰ্কিত ইতিহাস !
author img

By

Published : Oct 16, 2019, 11:23 PM IST

Updated : Oct 17, 2019, 3:35 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰ : বুধবাৰে উচ্চতম ন্যায়ালয়ে সংৰক্ষণ কৰি ৰাখে অযোধ্যা ৰাম মন্দিৰ বিতৰ্কৰ ৰায়দান ৷ অতিকৈ স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত বিগত প্ৰায় চল্লিশ দিন ধৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া এক বিচাৰপীঠৰ দলে গ্ৰহণ কৰি আহিছিল শুনানি ৷ ৰাম মন্দিৰ আৰু বাবৰি মজিদক লৈ অতীতৰে পৰা বিতৰ্ক চলি আহিছে ৷ চাওঁ আহক ৰাম মন্দিৰ আৰু বাবৰি মজিদক লৈ ইতিহাসৰ কিছু কথা....

1885-2019 : অযোধ্যা ৰাম মন্দিৰৰ বিতৰ্কিত ইতিহাস !

1885 চন : পোন প্ৰথম বাৰৰ বাবে বিষয়টোৱে ন্যায়ালয়ৰ কাষ চাপিছিল ৷ মহন্ত ৰঘুবীৰ দাস নামৰ এজন ব্যক্তিয়ে মন্দিৰৰ বাহিৰত এটা চন্দ্ৰতাপ তৈয়াৰ কৰাৰ বাবে ফজীদাবাদ জিলা ন্যায়ালয়ত এখন এজাহাৰ দাখিল কৰে ৷
23 ডিচেম্বৰ 1949 চন : প্ৰতিমা নিৰ্মাণৰ পাচতেই ক্ৰমাৎ বিষয়টো সন্দৰ্ভত উত্তেজনা বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷
16 জানুৱাৰী 1950 চন : ৰামলল্লাৰ পূজা অৰ্চনাৰ অনুমতি বিচাৰি গোপাল সিং বিষাৰদ নামৰ এজন ব্যক্তিয়ে ফজীদাবাদ জিলা ন্যায়ালয়ত এখন আবেদন দাখিল কৰে ৷
05 ডিচেম্বৰ 1950 চন : মহন্ত পৰমহংস ৰামচন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে পুনৰ ৰামলল্লাৰ পূজা অৰ্চনাৰ অনুমতি বিচাৰি ফজীদাবাদ জিলা ন্যায়ালয়ত এখন আবেদন দাখিল কৰে ৷
17 ডিচেম্বৰ 1959 চন : নিৰোমহি আখৰা নামৰ এজন ব্যক্তিয়ে বিতৰ্কিত ভূ-খণ্ডৰ মালিকীস্বত্বৰ দাবী জনায় ৷
18 ডিচেম্বৰ 1961 চন : উত্তৰ-প্ৰদেশৰ চুন্নী ৱাকাফ বৰ্ডে সমগ্ৰ ভূ-খণ্ডৰ মালিকীস্বত্ব বিচাৰি আবেদন জনায় ৷
1 জুলাই, 1989 চন : বিষয়টো সন্দৰ্ভত পঞ্চমটো আবেদন ভগবান ৰাম বিৰাজমানৰ নামৰে কৰা হয় ৷
এপ্ৰিল, 2002 : উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ দলে ভূ-খণ্ডৰ মালিকীস্বত্ব সন্দৰ্ভত শুনানি গ্ৰহণ কৰে ৷
30 চেপ্তেম্বৰ 2010 চন : এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানৰে সমগ্ৰ ভূ-খণ্ড ৰাম লল্লা,বাকাফ বৰ্ড,আৰু নিৰমোহি আখৰাৰ নামত বিভাজনৰ সিদ্ধান্ত দিয়ে ৷
09 মে, 2011 চন : উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানক সংৰক্ষণ কৰি ৰাখে ৷
21 মাৰ্চ, 2017 চন : উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো প্ৰত্যেকটো দলকে ন্যায়ালয়ৰ বাহিৰত সমাধান কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷
5 ডিচেম্বৰ,2017 : সাধাৰণ ৰাইজৰ আবেদন মৰ্মে 08 ফ্ৰেব্ৰুৱাৰী 2018 চনত বিষয়টো সন্দৰ্ভত ৰায়দান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
08 ফ্ৰেব্ৰুৱাৰী 2018 চন : উচ্চতম ন্যায়ালয়ে প্ৰত্যেকটো দলকে বিষয়টো এক ভূমি সংক্ৰান্তীয় বিবাদ হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷
09 মে, 2019 চন : তিনি জনীয়া এক দলে বিষয়টো সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুতৰ কাম আৰম্ভ কৰে ৷

Intro:Body:

TIMELINE

Conclusion:
Last Updated : Oct 17, 2019, 3:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.