ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি : এটা বছৰত নিহত 178 সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত 2019 চনৰ 5 আগষ্টৰ পৰা 2020 চনৰ 23 জুলাইলৈকে অৰ্থাৎ 370 অনুচ্ছেদ বাতিল কৰাৰ পাচত নিহত হৈছে 178 সন্ত্ৰাসবাদী ৷ তাৰোপৰি একে সময়তেই 39 গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ উপৰিও 36 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হয় ৷

অনুচ্ছেদ 370
অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি
author img

By

Published : Aug 5, 2020, 8:04 AM IST

নিউজ ডেস্ক, 5 আগষ্টঃ জম্মু-কাশ্মীৰৰ পৰা বহু বিতৰ্কিত অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ বুধবাৰে সম্পূৰ্ণ হ'ল এবছৰ ৷ 2019 চনৰ 5 আগষ্টত জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যহাৰ কৰা হৈছিল অনুচ্ছেদ 370 ৷ সেই সময়ৰ পৰা অৰ্থাৎ বিগত এবছৰত কাশ্মীৰত নিহত হয় 178 সন্ত্ৰাসবাদী ৷ তাৰ বিপৰীতে বিভিন্ন হিংসাত্মক ঘটনাৰ ফলত 39 গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ উপৰিও 36 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হয় ৷

অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি

আনহাতে, 2019 চনৰ 5 আগষ্টৰ পৰা 2020 চনৰ 23 জুলাইলৈকে জম্মু-কাশ্মীৰত 112 টা হিংসাত্মক ঘটনা সংঘটিত হয় ৷ 2020 চনৰ জুলাইলৈকে 77 টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, ইয়াৰে 50 টা AK-47 ৰাইফল বুলি জানিব পৰা গৈছে ৷ আনহাতে, চলিত বৰ্ষৰ তুলনাত 2019 চনত জব্দ কৰে 71 টা মাৰণাস্ত্ৰ ৷

উল্লেখ্য যে, 2019 চনৰ 5 আগষ্টত অবৈধ কাৰ্যক্ৰম (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত 400 টা গোচৰ ৰুজু কৰে ৷ প্ৰায় 300 লোকক জন নিৰাপত্তা আইনৰ (PSA) অধীনত ৰুজু কৰে গোচৰ ৷

আৰু পঢ়কঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনৰ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.