কৰিমগঞ্জ, 11 মে' : সোমবাৰে ত্ৰিপুৰাত পুনৰ কভিড-19ত 16 জন লোক আক্ৰান্ত হয় ৷ আক্ৰান্ত আটাইকেইজন লোকৰ সম্পৰ্ক 86 নং বি এন বি এছ এফৰ সৈতে থকা বুলি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এক টুইটযোগে জানিব দিয়ে ৷
আক্ৰান্ত লোক কেইজনৰ ভিতৰত 6 গৰাকী মহিলা, 9 গৰাকী শিশু আৰু 1 জন বিষয়া থকা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ ৰাজ্যখনত কভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 148 জনলৈ বৃদ্ধি হয় ৷
লগতে পঢ়ক : COVID-19 প্ৰতিৰোধৰ বাবে বিধানসভাৰ অধ্যক্ষৰ সহায়ৰ হাত