ETV Bharat / bharat

ৰাজধানীত ১৫ হাজাৰ কোভিড ৰোগীক ঘৰত চিকিৎসা প্ৰদান কৰা হৈছে

author img

By

Published : Jul 6, 2020, 8:51 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে, ২৫ হাজাৰ কৰ'ণা ৰোগীৰ ভিতৰত ১৫ হাজাৰ ৰোগীৰ চিকিৎসা ঘৰত কৰি থকা হৈছে । ঘৰত যিসকল ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে বৰ্তমান আমি তেওঁলোকক চিকিৎসা প্ৰদান কৰাত সফল হৈছো বুলি জানিব দিয়ে ।

150000-covid-19-cases-being-treated-at-home-isolation-programme-a-success-arvind-kejriwal

নিউজ ডেস্ক, ৬ জুলাই : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে, ২৫ হাজাৰ কৰ'ণা ৰোগীৰ ভিতৰত ১৫ হাজাৰ ৰোগীৰ চিকিৎসা ঘৰত কৰি থকা হৈছে । ঘৰত যিসকল ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে বৰ্তমান তেওঁলোকক চিকিৎসা প্ৰদান কৰাত সফল হৈছে বুলি জানিবলৈ দিয়ে কেজৰিৱালে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, দিল্লীত প্ৰতিদিনে মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৫ ৰ পৰা ৬০ গৰাকী । আমি মৃতকৰ সংখ্যা কমাই আনিবলৈ চেষ্টা চলাই আছো । লগতে কোভিড চিকিৎসালয়ৰ আসনৰ সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে, বিগত ১ সপ্তাহত চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা আছিল ৬,২০০ কিন্তু বৰ্তমান ৰোগীৰ সংখ্যা কমি হলগৈ ৫,১০০ গৰাকী ।

আনহাতে, বৰ্তমান ৰাজধানীখনত ১৫ হাজাৰ কোভিড ৰোগীৰ আসনৰ সংখ্যা উপলব্ধ আছে । যাৰ ভিতৰত বৰ্তমান ৫,১০০ আসনহে ৰোগীৰ দ্ধাৰা পূৰণ হৈ আছে । গতিকে, কোভিড ৰোগীৰ আসনকলৈ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৰাজধানীত বৰ্তমানলৈ ৯৯,৪৪৪ গৰাকী ৰোগী এই ভাইৰাছত আক্ৰান্ত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.