ETV Bharat / bharat

দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ 14000 কোটিৰ প্ৰকল্প - reduce road accidents

দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 14000 কোটি টকাৰ পৰিকল্পনা ৷পথৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰা গাঁত সমূহ চিনাক্ত কৰি মেৰামতি কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এই পৰিকল্পনা ৷ লোকসভাত বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰে এই কথা ৷

দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 14000 কোটি টকাৰ পৰিকল্পনা
author img

By

Published : Jul 12, 2019, 10:11 AM IST

নতুন দিল্লী,12 জুলাই : পথৰ দুৰৱস্থাৰ বাবে সংঘটিত দুৰ্ঘটনা এতিয়া এক অতিশয় চিন্তনীয় বিষয় ৷ প্ৰত্যেক বছৰে লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে পথ দুৰ্ঘটনাত ৷ ৰাষ্ট্ৰীয় অপৰাধ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য অনুসৰি 2016 চনত দেশত সংঘটিত হৈছে 4,80,652 টা দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাসমূহত প্ৰায় 1,50,785 গৰাকীলোকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে 4,94,624 গৰাকী ৷ 2017 আৰু 2018 চনত এই তথ্য প্ৰকাশ হোৱা নাই যদিও এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় লৈছে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা ৷

দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 14000 কোটি টকাৰ পৰিকল্পনা ৷পথৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰা গাঁত সমূহ চিনাক্ত কৰি মেৰামতি কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এই পৰিকল্পনা ৷ লোকসভাত বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰে এই কথা ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিত্তীয় মন্ত্ৰণালয়ে এই অনুমোদন প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে বিশ্ব বেংকৰ এই প্ৰকল্পৰ বাবে বিত্তীয় সাহাৰ্যৰ বাবে অনুৰোধ জনাইছে ৷ তামিলনাডু চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে ,চৰকাৰখনে দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দুৰ্ঘটনা প্ৰায় 1.5 শতাংশ হ্ৰাস পাইছে ৷কিন্তু বাকী ৰাজ্যসমূহৰ এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ কোনো কাৰণতে উৎসাহজনক নহয় বুলিও তেওঁ লগতে কয় ৷

₹14K cr project prepared to identify accident black spots: Nitin Gadkari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.