নিউজ ডেস্ক, ৪ জুনঃ চুবুৰীয়া ৰাজ্য মণিপুৰত নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৩ জনকৈ লোক। বৃহস্পতিবাৰলৈকে মুঠ ১২১ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। মণিপুৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰে এই তথ্য।
![13 more covid 19 cases found in Manipur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:51_covid-191591268929442-92_0406email_1591268940_951.jpg)
১২১ গৰাকী কৰ'ণা ৰোগীৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে ৮৩ গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে ৩৮ গৰাকীয়ে। আনহাতে,ৰাজ্যখনত এই মহামাৰীত কোনো লোকৰ মৃত্যু হোৱা নাই।
উল্লেখ্য় যে,দেশত বুধবাৰৰ দিনটোত ৯,৩০৪ গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২ লাখ ১৭ হাজাৰ অতিক্ৰম কৰিছে কৰ'ণা ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা।
লগতে চাওকঃ সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই