নিউজ ডেস্ক, 1 আগষ্টঃ অন্ধ্ৰ প্ৰদেশৰ প্ৰকাচম্ জিলাৰ কুৰিছেডু গাঁৱত চেনিটাইজাৰ সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা শনিবাৰে 13 জনলৈ বৃদ্ধি পালে ৷
জিলাখনৰ উপ আৰক্ষী বিষয়া কে প্ৰকাশ ৰাওৱে কয় যে,সুৰাৰ দোকান বন্ধ থকাৰ বাবে লোক কেইজনে মেডিকেল ষ্টৰৰ পৰা চেনিটাইজাৰৰ বটল কিনি আনিছিল ৷ তেওঁলোকৰ মাজত উৰাবাতৰি বিয়পি পৰিছিল যে,চেনিটাইজাৰত মিহলি কৰা হয় সুৰা, সেয়ে সুৰা নাপাই চেনিটাইজাৰেই সেৱন কৰে তেওঁলোকে ৷ উল্লেখ্য যে, 60 জন লোকৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পাচত প্ৰশাসনে 10 দিন পূৰ্বৰে পৰা সুৰাৰ বিপণী সমূহ বন্ধ ৰখা হৈছিল ৷
আনহাতে আৰক্ষীয়ে বহু খালী চেনিটাইজাৰৰ বটল জব্দ কৰি পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰে ৷
ইয়াৰ পূৰ্বে শুকুৰবাৰে চেনিটাইজাৰ সেৱন কৰি তিনিজন ভিক্ষাৰী,তিনিজন ৰিক্সাচালক আৰু তিনিজন শ্ৰমিক নিহত হৈছিল ৷ শনিবাৰে ইয়াৰ সংখ্যা 14 লৈ বৃদ্ধি পালে ৷
চিআৰপিচিৰ অধীনত 174 শাখাৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ PSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম