ETV Bharat / bharat

পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ আত্মহত্যা কৰে ১২ গৰাকী লোকে

author img

By

Published : Jun 14, 2020, 8:53 AM IST

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শনিবাৰ পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈ মুঠ ৪৬৩ জন লোকৰ মৃত্যু হয় । আনহাতে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত নতুনকৈ COVID-19 ত আক্ৰান্তৰ হয় ১৫৮ জন লোক ।

পশ্চিম বংগ
পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ আত্মহত্যা কৰে ১২ জন লোকে

নিউজ ডেস্ক, ১৪ জুনঃ পশ্চিম বংগত শনিবাৰ পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈ ৪৬৩ গৰাকী লোকৰ মৃত্যু হৈছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । তাৰ ভিতৰত ১২ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তিয়ে আত্মহত্যা কৰে বুলিও সদৰি কৰে ।

স্বাস্থ্য বিভাগৰ সদৰি কৰা অনুসৰি, পশ্চিম বংগত বিগত ২৪ ঘণ্টাত উত্তৰ ২৪ পৰগনাত পাঁচজন লোক, কলকাতাত চাৰিজন , দক্ষিণ ২৪ পৰগনাত দুজন আৰু হাওড়াত এজন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় ।

আনহাতে, ৰাজ্যখনত বিগত ১২ জুনত নতুনকৈ মহামাৰী COVID-19ত আক্ৰান্ত হয় ৪৫৪ গৰাকী লোক । ফলত ৰাজ্যখনত COVID-19 ত আক্ৰান্তৰ সংখ্যা হয়গৈ মুঠ ১০,৬৯৮ গৰাকী ।

তাৰোপৰি শনিবাৰে পশ্চিম বংগত COVID-19ত আক্ৰান্ত হয় ১৫৮ গৰাকী লোক । আক্ৰান্ত সকলৰ ভিতৰত ৬৯ গৰাকী উত্তৰ ২৪ পৰগনাৰ আৰু 62 গৰাকী হাওড়াৰ বুলি উল্লেখ কৰিছে স্বাস্থ্য বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.