ETV Bharat / bharat

কেৰালাৰ কোভিড-১৯ নিয়ন্ত্ৰণ কক্ষই সম্পূৰ্ণ কৰিলে ১০০ দিন - কোভিড-১৯ নিয়ন্ত্ৰণ কক্ষ

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলাজাই ৰাজ্যখনত স্থাপন কৰা কোভিড-১৯ নিয়ন্ত্ৰণ কক্ষই ১০০ দিন সম্পন্ন কৰাত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে । ৰাজ্যখনত কোভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰায় ১৮খন কমিটী গঠন কৰি দিয়া হৈছিল ।

কেৰালাৰ কোভিড-১৯ নিয়ন্ত্ৰণ কক্ষই সম্পূৰ্ণ কৰিলে ১০০ দিন

author img

By

Published : May 3, 2020, 1:48 PM IST

নিউজ ডেস্ক, ৩ মে' : কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই ৰাজ্যখনৰ স্বাস্থ্যকৰ্মীসকলক কোভিড-১৯ৰ বিৰুদ্ধে ১০০ দিন অতিক্ৰম কৰাত শুভেচ্ছা প্ৰদান কৰিছে । বিগত ২৪ জানুৱাৰীৰ পৰা আৰম্ভ কৰা কোভিড-১৯ নিয়ন্ত্ৰণ কক্ষই দিনে-নিশাই সেৱা আগবঢ়াই আহিছে ৰাজ্যখনত । ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ সহযোগত প্ৰায় ১৮খন কমিটী গঠনৰ দ্বাৰা কোভিড-১৯ সম্পৰ্কীয় সকলো দিশ চোৱা-চিতা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনৰ স্বাস্থ্য় সেৱা সঞ্চালকালয়ৰ পৰা কাৰ্যক্ষম হৈ থকা এই নিয়ন্ত্ৰণ কক্ষত প্ৰায় ১০০ ৰো অধিক লোকে দিনে নিশাই কামত ব্যস্ত হৈ থাকে । বিগত ১০০ দিন ধৰি তেওঁলোকে নিজৰ সেৱা সুকলমে প্ৰদান কৰিছে ।

"কেৰালাত প্ৰথমটো কোবিড-১৯ ঘটনা ৩০ জানুৱাৰীত পোহৰলৈ আহিছিল আৰু আমি নিয়ন্ত্ৰণ কক্ষটো ২৪ জানুৱাৰীতে স্থাপন কৰিছিলো । নিপাহ ভাইৰাছৰ লগতে ২০১৮ চনৰ বানপানীৰ সময়ত হোৱা অভিজ্ঞতাই আমাক শক্তি প্ৰদান কৰাৰ লগতে কোভিড-১৯ৰ সৈতে যুঁজিবলৈ উৎসাহ প্ৰদান কৰিছে ।" স্বাস্থ্যমন্ত্ৰী শৈলাজাই এইদৰে কয় ।

লগতে পঢ়কঃ সশস্ত্ৰ বাহিনীৰ সিদ্ধান্তক আদৰণি অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.