নেশ্যনেল ডেস্ক, 5 অক্টোবৰঃ জীৱনক ধনাত্মক দৃষ্টিৰে চোৱাৰ উদ্দেশ্যে দেওবাৰে তামিলনাডুৰ টুটিকৰিন জিলাৰ আনন্দপুৰমত 10 টাকৈ HIV পজিটিভ দম্পতী বিবাহপাশত আবদ্ধ হয় ৷ এই সমূহীয়া বিবাহ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপায়ুক্ত সন্দীপ নন্দুৰী ৷
আনন্দপুৰমৰ ‘কেলভেৰী ছাপেল ট্ৰাষ্টে’ HIVত আক্ৰান্ত লোকসকলৰ বাবে কাম কৰি আহিছে আৰু সংস্থাটোৱে এই ৰোগত আক্ৰান্ত শিশুসকলকো আশ্ৰয় প্ৰদান কৰি আহিছে ৷ সংস্থাটোৰ দ্বাৰা আশ্ৰয় প্ৰদান কৰা কেইবাটাও শিশুৱে উচ্চ শিক্ষাৰে শিক্ষিত হৈ চাকৰি কৰিবলৈ সক্ষম হৈছে ৷ এই পৰিস্থিতেই সংস্থাটোৱে HIVত আক্ৰান্ত লোকসকলৰ নিজৰ ব্যক্তিগত পছন্দ অনুসৰি বিবাহ কৰাৰ সুবিধা কৰি দিয়ে ৷
এই অনুষ্ঠানটোত AIDSত আক্ৰান্ত ৰোগীসকলৰ উপৰিও তেঁওলোকৰ সৈতে কাম কৰা সমাজকৰ্মীসকলো উপস্থিত থাকে ৷ অনুষ্ঠানত শেষত উপায়ুক্তই ট্ৰাষ্টৰ দ্বাৰা নিৰ্মিত এটা কমিউনিটি হল আৰু হোষ্টেলৰ শুভ উদ্বোধন কৰে ৷
লগতে পঢ়ক-ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ