নিউজ ডেস্ক, ১৪ জুনঃ মহাৰাষ্ট্ৰৰ থানেত শোকাৱহ পথ দুৰ্ঘটনা । শনিবাৰে নিশা থানেৰ ঘোডবন্দৰ পথত সংঘটি হয় এই দুৰ্ঘটনা । এখন গাডী়য়ে পথৰ দাতিত থকা এডাল গছত প্ৰচণ্ড জোৰত খুন্দা মাৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো । ফলত থিতাতে এজন ব্যক্তি নিহত হোৱাৰ উপৰিও আহত হয় অন্য তিনিজন ।
ঘটনাস্থলীত কপুৰাবাদী আৰক্ষী, স্থানীয় দূৰ্যোগ প্ৰশমন বিভাগৰ বিষয়ববীয়া আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীসহ এটি দল উপস্থিত হৈ আহত সকলক সংকটজনক অৱস্থাত ওচৰৰ হাস্পতালত ভৰ্তি কৰায় ।