ETV Bharat / bharat

Intranasal Covid vaccine approved: নাকত প্ৰয়োগ কৰা হ’ব ক’ভিডৰ নতুন প্ৰতিষেধক - Intranasal Covid vaccine

ভাৰত বায়’টেকৰ Intranasal Covid ভেকচিনক (Bharat Biotech Intranasal Covid vaccine) 18 বছৰৰ ওপৰৰ লোকৰ বাবে বুষ্টাৰ ড’জ হিচাপে টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন জনাইছে । শুকুৰবাৰে সন্ধিয়া ইয়াক Co-WIN প্লেটফৰ্মত প্ৰৱৰ্তন কৰা হ’ব ।

Intranasal Covid vaccine approved
ক’ভিডৰ নতুন প্ৰতিষেধক
author img

By

Published : Dec 23, 2022, 2:17 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ: বৃহস্পতিবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত বায়’টেকৰ (Bharat Biotech new covid medicine) ইন্ট্ৰানেজেল ক’ভিড ভেকচিনক (Intranasal Covid vaccine) কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 18 বছৰৰ ওপৰৰ লোকৰ বাবে বুষ্টাৰ ড’জ হিচাপে টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনাইছে । বেজীমুক্ত তথা নাকেৰে প্ৰয়োগ কৰা এই ভেকচিন ব্যক্তিগত কেন্দ্ৰত উপলব্ধ হ’ব ।

শুকুৰবাৰে সন্ধিয়া ইয়াক কো-উইন প্লেটফৰ্মত প্ৰৱৰ্তন কৰা হ’ব বুলি তেওঁলোকে জনায় (Covid new wave) । 18 বছৰৰ ওপৰৰ লোকৰ বাবে জৰুৰীকালীন পৰিস্থিতিত হেটেৰ’ল’গাছ বুষ্টাৰ ড’জ হিচাপে নাকৰ ভেকচিন- BBV154 ব্যৱহাৰৰ বাবে নৱেম্বৰ মাহত ভাৰতৰ ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলৰ পৰা অনুমোদন লাভ কৰিছিল (Bharat Biotech new covid medicine) ।

চীনৰ লগতে আন কিছুমান দেশত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই ভেকচিনৰ অনুমোদন দিয়া হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মানুহক ৰোগৰ বিৰুদ্ধে সকীয়াই দি ভিৰ কৰা ঠাইত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিল ৷ লগতে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চোৰাংচোৱাৰ ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছিল ।

ভাৰত বায়’টেকৰ ইনকোভেক কি ?

ভাৰত বায়'টেক ইনকোভেক হৈছে "প্ৰি-ফিউজন ষ্টেবিলাইজড স্পাইক প্ৰ'টিনৰ সৈতে পুনঃসংযোজিত প্ৰতিলিপিকৰণৰ অভাৱী এডিন'ভাইৰাছ ভেক্টৰ ভেকচিন ।" ই দেহৰ প্ৰতিৰোধ ক্ষমতাক উদ্দীপিত কৰে ৷ ইয়াৰ উপৰিও সংক্ৰমণৰ স্থানত (নাকৰ শ্লেষ্মাত) ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়াও সূচনা কৰে ৷

এই ভেকচিন 2-8 ডিগ্ৰী চেলছিয়াছত সুস্থিৰ হৈ থাকে । ইয়াক নাকৰ মাজেৰে, 2 টা ড’জ 4 সপ্তাহৰ ব্যৱধানত প্ৰদান কৰিব লাগে । মুঠ 8 টোপাল (প্ৰতি মাত্ৰাত 0.5 মিলিলিটাৰ), প্ৰতিটো নাকৰ ফুটাত 4 টোপাল দিয়া হয় ।

কোম্পানীটোৱে ইনক’ভেকৰ বিভিন্ন পৰীক্ষাৰ সময়ত পোৱা ফলাফলৰ বিশদ তালিকা প্ৰস্তুত কৰিছে:

3000 অংশগ্ৰহণকাৰীৰ ওপৰত কৰা তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইনকোভেকে 4 সপ্তাহৰ ব্যৱধানত 2 টা ড’জ দিয়াৰ পিছত প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰা দেখা গৈছে । মূৰৰ বিষ, জ্বৰ, পানী লগা, হাঁচি অহা আদি সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া হিচাপে ৰিপৰ্ট কৰা হৈছিল ৷ আনহাতে গুৰুতৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া "বিৰল" বুলি কোৱা হৈছিল ।

কোম্পানীটোয়ে এই ব্যক্তিৰ বাবে ড’জ গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে, যিসকল ব্যক্তিৰ ভেকচিনৰ যিকোনো উপাদানৰ প্ৰতি তীব্ৰ এলাৰ্জি প্ৰতিক্ৰিয়া হয়, এই ভেকচিনৰ পূৰ্বৰ ড’জৰ পিছত গুৰুতৰ এলাৰ্জি প্ৰতিক্ৰিয়া হৈছিল বা বৰ্তমান তীব্ৰ সংক্ৰমণ বা জ্বৰ হৈছে । কোম্পানীটোৱে জোৰ দি কয় যে, "Incovacc ৰ দ্বাৰা Covid-19 post immunization লোৱাৰ কোনো সম্ভাৱনা নাই ।"

গেম চেঞ্জাৰ হ'ব পাৰিব নে এই প্ৰতিষেধক ?

বিজ্ঞান আলোচনী নেচাৰত প্ৰকাশিত এটা প্ৰবন্ধই আশা প্ৰকাশ কৰিছে যে নাকৰ ভিতৰৰ ভেকচিনে হয়তো Covid ৰ সামান্য সংঘটনকো প্ৰতিৰোধ কৰিব পাৰিব । ইয়াত উল্লেখ কৰা মতে, "এই শ্লেষ্মাৰ ভেকচিনবোৰে নাক, মুখ আৰু হাওঁফাওঁক ৰক্ষা কৰা পাতল শ্লেষ্মা আৱৰণক লক্ষ্য কৰি লয় । য'ত SARS-CoV-2 প্ৰথমে শৰীৰত প্ৰৱেশ কৰে তাত প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, শ্লেষ্মাৰ ভেকচিনে তত্ত্বগতভাৱে আনকি মৃদু ৰোগৰ ক্ষেত্ৰতো প্ৰতিৰোধ কৰিব পাৰে আৰু আনলৈ সংক্ৰমণ বন্ধ কৰিব পাৰে ।" মানুহক যিটো কাম Covid-19 ৰ টীকাই কৰিব পৰা নাই, সেয়া এই প্ৰতিষেধকে কৰিব পাৰে ।"

লণ্ডনৰ স্বাস্থ্য-বিশ্লেষণ কোম্পানী এয়াৰফিনিটিৰ মতে, বিশ্বজুৰি এই ৰোগৰ বিৰুদ্ধে 100 টাতকৈও অধিক শ্লেষ্মাৰ ভেকচিন প্ৰস্তুত কৰা হৈছে আৰু প্ৰায় 20 টা ভেকচিন মানুহৰ ওপৰত ক্লিনিকেল ট্ৰায়েলত উপনীত হৈছে ।

লগতে পঢ়ক: Symptom of long Covid: ক্ৰমান্বয়ে স্বাদ-ঘ্ৰাণ শক্তি হেৰুৱাইছে ক'ভিড ৰোগীয়ে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.