ETV Bharat / bharat

তেলেংগানা নিৰ্বাচনক লৈ চলিছে বৃহৎ জুৱা

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:45 PM IST

ক্ৰিকেটত নহয় এইবাৰ তেলেংগানা নিৰ্বাচনক ৰৈ দেশত চলিছে জুৱা । বুকীয়ে কোটি কোটি টকাৰ বাজি মাৰিছে । ৰাজ্যখনত প্ৰায় ৫০০ কোটি টকাৰ অনলাইন আৰু অফলাইন বেটিং হোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে ।

Telangana election
তেলেংগানা নিৰ্বাচনক লৈ চলিছে বৃহৎ জুৱা

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ভোটাৰসকলে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ ওলাই আহিছে । ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত বৃহৎ জুৱাও আৰম্ভ হৈছে । ৰাজ্যখনত কোটি কোটি টকাৰ জুৱা চলিছে । কোনটো দল ক্ষমতালৈ আহিব ? সমষ্টিবোৰত বিজয়ী প্ৰাৰ্থী কোন হ'ব, মুখ্য দলবোৰৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ ভৱিষ্যৎ কি হ'ব ? এই বিষয়বোৰৰ ওপৰত এতিয়া কোটি কোটি টকাৰ বাজি চলিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে ৰাজ্যখনত প্ৰায় ৫০০ কোটি টকাৰ অনলাইন আৰু অফলাইন বেটিং হৈছে ।

ইফালে তেলেংগানাৰ লগতে ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু মিজোৰামতো নিৰ্বাচন অনুষ্ঠিত হৈছে । খবৰ অনুসৰি এই ৫খন ৰাজ্যৰ নিৰ্বাচনত বেটিঙৰ মূল্য হ'ব প্ৰায় ১০০০ কোটি টকা । ভোটগ্ৰহণ বিভিন্ন তাৰিখত অনুষ্ঠিত হ'লেও সকলো ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব । সেয়েহে আৰক্ষীয়ে সন্দেহ কৰা মতে বেটিং বা বাজিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে এইবাৰ মুখ্য দলসমূহৰ বিশিষ্ট নেতাসকলৰ নামত বেছিকৈ জুৱা চলিছে । বুকীবোৰে মুখ্যমন্ত্ৰী কেচিআৰ, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডী, মন্ত্ৰী কেটিআৰ, হৰিশ ৰাও, বিজেপি নেতা ইতলা ৰাজেন্দ্ৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকলৰ বিজয় আৰু সংখ্যাগৰিষ্ঠতাৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে । কিন্তু মূল জুৱা চলিছে ৰাজ্যখনৰ ১১৯ খন বিধায়িনী আসনত কোন দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব । সম্প্ৰতি অনলাইনৰ কিছুমান বেটিং এপ আৰু ৱেবছাইটত ১ লাখ টকাৰ হাৰত বাজি চলি আছে ।

ইফালে তেলেংগানা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰু দিল্লীকে ধৰি কিছুমান ৰাজ্যৰ বুকীবোৰেও খেলপথাৰত অৱতীৰ্ণ হৈছে আৰু বেটিং চলাই আছে । এপ আৰু ৱেবছাইটবোৰ নতুন নামেৰে উপলব্ধ হৈছে । তেলেংগানাত অনলাইন জুৱা আৰু বেটিঙৰ ওপৰত নিষেধাজ্ঞা আছে যদিও বহু এপ আৰু ৱেবছাইট অবৈধভাৱে আৰম্ভ হৈছে । অৱশ্যে আৰক্ষীয়ে সেইবোৰৰ ওপৰত দৃষ্টি ৰাখিছে যদিও নতুন নামেৰে পুনৰ সেইবোৰ আৰম্ভ কৰা হৈছে । জানিব পৰা মতে এটা নতুন এপ ৫০০০ টকাত উপলব্ধ হৈছে । সাধাৰণতে, বুকীবোৰে ক্ৰিকেটত বাজি মাৰে । কিন্তু এতিয়া তেওঁলোকে শেহতীয়া নিৰ্বাচনতো বাজি মাৰিবলৈ আৰম্ভ কৰিছে ।

আন ৰাজ্যতো তেলেংগানা নিৰ্বাচনৰ প্ৰতি আগ্ৰহ দেখা গৈছে । বিশেষকৈ অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনক লৈ যথেষ্ট আলোচনা হৈছে । তাতো কোটি কোটি টকাৰ বেটিং চলিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে গোদাৱৰী জিলাত কোটি টকাৰ হাৰত বেটিং চলিছে । খবৰ অনুসৰি নেল্লোৰ, বিশাখাপট্টনম, বিজয়ৱাড়া আৰু অন্যান্য অঞ্চলতো বেটিং চলিছে ।

লগতে পঢ়ক :বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.