ETV Bharat / bharat

নৱবৰ্ষক আদৰিবলৈ সাজু বেংগালুৰু চহৰ, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা - celebration hotspots

নতুন বছৰক আদৰিবলৈ সাজু হৈছে বেংগালুৰুবাসী (New year celebration)। আটক ধুনীয়াকৈ সজাই তোলা হৈছে চহৰখন । সমান্তৰালকৈ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

New year celebration
নৱবৰ্ষক আদৰিবলৈ সাজু বেংগালুৰু চহৰ
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 11:10 AM IST

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : আজি ২০২৩ চনৰ অন্তিমটো দিন । ইতিমধ্যে নতুন বছৰক আদৰিবলৈ দেশত ব্যাপক আয়োজন চলিছে । সকলোৱে ২০২৩ ক বিদায় জনাবলৈ আৰু ২০২৪ লৈ আদৰিবলৈ সাজু হৈছে । চিলিকন চিটী হিচাপে জনাজাত বেংগালুৰু চহৰখনৰ কেইবাটাও স্থানত নৱবৰ্ষ উদযাপনৰ বিশাল আয়োজন কৰা হৈছে ।

এমজি ৰোড, ব্ৰিগেড ৰোড :

এমজি ৰোড আৰু ব্ৰিগেড ৰোড নৱবৰ্ষ উদযাপনৰ বাবে প্ৰিয় স্থানসমূহৰ ভিতৰত অন্যতম । বিখ্যাত ব্ৰেণ্ডসমূহৰ বিপনী, শ্বপিং কমপ্লেক্স, ৰেষ্টুৰেণ্ট, পাবৰ সৈতে এই দুয়োটা পথে নৱবৰ্ষ উদযাপনৰ সময়ত লোকসকলক আকৰ্ষিত কৰে । বিভিন্ন আলোকসজ্জাৰে আলোকিত হৈ পৰিছে এই পথ দুটা । একপ্ৰকাৰ নৱবৰ্ষ উদযাপনৰ হট স্পটত পৰিণত হৈছে এই স্থান ।

ইন্দিৰা নগৰ আৰু কোৰামঙ্গলা :

এমজি ৰোড আৰু ব্ৰিগেড ৰোডৰ বাহিৰেও ইন্দিৰা নগৰ আৰু কোৰামঙ্গলাই লোকসকলৰ মনোযোগ আকৰ্ষণ কৰে । এই অঞ্চলবোৰত বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট, পাব আৰু মল আছে । যিসকলে পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰিব বিচাৰে তেওঁলোকে ইন্দিৰা নগৰ আৰু কোৰামঙ্গলা পছন্দ কৰে ।

ইউবি চিটী :

ইউবি টাৱাৰ বা ইউবি চিটী হৈছে বেংগালুৰুৰ এক উচ্চ বিলাসী মল । ইউবি চিটী একাংশ লোকৰ প্ৰিয় গন্তব্যস্থান । প্ৰতিটো নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ইউবি চিটীত ডিজে সংগীতৰ সৈতে এক বিলাসী ৰুফটপ পাৰ্টি আয়োজন কৰে আৰু নৈশ জীৱন ভাল পোৱা বহুলোকক আকৰ্ষিত কৰে ।

ইলেক্ট্ৰনিক চিটী / হোৱাইট ফিল্ড :

ছফ্টৱেৰ কোম্পানীসমূহ থকা ইলেক্ট্ৰনিক চিটী আৰু হোৱাইট ফিল্ডো নৱবৰ্ষৰ পাৰ্টিৰ ক্ষেত্ৰত পিছ পৰি থকা নাই । এই অঞ্চলবোৰত নৱবৰ্ষ উদযাপন ব্যাপকভাৱে আয়োজন কৰা হৈছে । য'ত যথেষ্ট আধুনিক ষ্টাইলৰ পাব, ৰেষ্টুৰেণ্ট, কেফে, ৰেষ্টো বাৰ আদি আছে । এই অঞ্চলবোৰ ৩১ ডিচেম্বৰৰ নিশা বহু লোকৰ প্ৰিয় স্থান হৈ পৰে ।

ইফালে হোটেল, পাব বা বাৰ আদিত ভিআইপি, ভিভিআইপিৰ পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । সুৰক্ষাৰ বাবে পৃথকে পুৰুষ আৰু মহিলা বাউন্সাৰ ৰখা হৈছে । পাৰ্টিৰ শেষত সুৰক্ষিতভাৱে ঘৰলৈ লৈ যোৱাৰ বাবে গ্ৰাহকৰ বাবে একাংশ হোটেলে কেবৰো ব্যৱস্থা কৰিছে । হোটেল, পাববোৰে আগতীয়াকৈ বুকিঙৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন ৰেহাইৰ ব্যৱস্থাও কৰা হৈছে ।

১ বজাৰ ভিতৰত সকলো অনুষ্ঠান সমাপ্ত কৰিব লাগিব :

নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু বিভিন্ন স্থানবোৰ ভিন্ন ৰঙীণ লাইটেৰে সজোৱা হৈছে । আনহাতে আৰক্ষীয়েও এই সময়ত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । বিশাল জন সমাগমৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে ৰাস্তাৰ দুয়োফালে বেৰিকেড স্থাপন কৰিছে আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ হোটেল, ক্লাব আৰু পাবসমূহক নিশা ১ বজাৰ ভিতৰত তেওঁলোকৰ অনুষ্ঠান সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে ।

প্ৰতিটো স্থানতে আৰক্ষীৰ চোকা দৃষ্টি থাকিব । দুগৰাকী অতিৰিক্ত আয়ুক্তও নিৰাপত্তাৰ দায়িত্বত আছে । লগতে, ১ গৰাকী যুটীয়া আৰক্ষী আয়ুক্তই দায়িত্ব গ্ৰহণ কৰিছে । ১৫ গৰাকী ডিচিপি, ৪৫ এচিপি, ১৬০ গৰাকী পৰিদৰ্শক, ৬০০ পিএছআই, ৬০০ এএছআই, ১৮০০ হেড কনিষ্টবল, ৫২০০ আৰক্ষী কনিষ্টবল আইন-শৃংখলা ব্যৱস্থাত নিয়োজিত থাকিব ।

অতি ব্যস্ত ব্ৰিগেড ৰোড, এমজি ৰোড, ইন্দিৰা নগৰ, কোৰামঙ্গলাত আৰু ইয়াৰ আশে-পাশে অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে । গৃহৰক্ষী বাহিনীও মোতায়েন কৰা হৈছে । গুৰুত্বপূৰ্ণ স্থানসমূহ ড্ৰোণ কেমেৰাৰ নিৰীক্ষণত থাকিব । ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীসকলৰ বাবে বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । মহানগৰ আৰক্ষী আয়ুক্ত বি. দয়ানন্দে ইতিমধ্যে কৈছে যে পাব, বাৰ আৰু ক্লাবত প্ৰৱেশ কৰা লোকসকলৰ নাম আৰু ঠিকনাৰ তথ্যও ৰাখিব লাগিব ।

লগতে পঢ়ক :ৰামোজী ফিল্ম চিটীত নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.