ETV Bharat / bharat

পশ্চিমবংগৰ নিৰ্বাচন: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Apr 29, 2021, 9:26 AM IST

Updated : Apr 29, 2021, 11:20 AM IST

আজি পশ্চিমবংগত অনুষ্ঠিত হৈছে অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যখনৰ মুঠ 8 টা পৰ্যায়ত 294 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত 35 টা বিধানসভা সমষ্টিত 8,493,255 গৰাকী ভোটাৰে মুঠ 283 গৰাকী প্ৰাৰ্থীৰ পৰা ভাগ্য নিৰ্ণয় কৰিব ৷ মুঠ 35 টা সমষ্টিৰ ভিতৰত 11 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু বীৰভূম, 7 টা কলকাতা আৰু মালদাত 6 টা সমষ্টি আছে ৷

পশ্চিমবংগ নিৰ্বাচন: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক,29 এপ্ৰিল : আজি পশ্চিমবংগত অনুষ্ঠিত হৈছে অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যখনৰ মুঠ 8 টা পৰ্যায়ত 294 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত 35 টা বিধানসভা সমষ্টিত 8,493,255 গৰাকী ভোটাৰে মুঠ 283 গৰাকী প্ৰাৰ্থীৰ পৰা ভাগ্য নিৰ্ণয় কৰিব ৷ মুঠ 35 টা সমষ্টিৰ ভিতৰত 11 টা বিধানসভা সমষ্টি মূৰ্চিদাবাদ আৰু বীৰভূম, 7 টা কলকাতা আৰু মালদাত 6 টা সমষ্টি আছে ৷

উল্লেখ্য যে,2019 চনৰ লোকসভা নিৰ্বাচনত ইয়াৰে 19 টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ লগতে 11 টা সমষ্টি বিজেপিৰ লগতে বাকী পাঁচটা সমষ্টি কংগ্ৰেছৰ দখলত আছিল ৷ লক্ষ্য়ণীয়ভাৱে 35 টা সমষ্টিত বাঁওপন্থীৰ কোনো প্ৰভাৱেই নাছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ 8,493,255 গৰাকী ভোটাৰে ভোটদান কৰিব ৷ তাৰ ভিতৰত 4,370,693 গৰাকী পুৰুষ হোৱাৰ বিপৰীতে 4,122,403 গৰাকী মহিলা ভোটাৰ ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণত 11,860 টা ভোটকেন্দ্ৰৰ ভিতৰত 9,216 টা মুখ্য ভোটগ্ৰহণ কেন্দ্ৰ আৰু বাকী 2,644 টা সহায়ক কেন্দ্ৰ আছে । এই সমষ্টি কেইটাৰ ভিতৰত 80 ঊৰ্ধৰ ভোটাৰ 112,440 গৰাকী হোৱাৰ লগতে প্ৰতিবন্ধী ভোটাৰ আছে 72,094 গৰাকী ৷ তদুপৰি 59 গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ লগতে 10 গৰাকী ডি ভোটাৰ আছে ৷

আনহাতে, নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে যে, 10 এপ্ৰিলত অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত চাৰিজন লোকক হত্যা কৰাৰ পিছত নিৰ্বাচন স্থগিত ৰখা কোচবিহাৰৰ শীতলকুচি বিধানসভা সমষ্টিৰ ১২৬ নং বুথত বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আজি অনুষ্ঠিত হোৱা ভোট গ্ৰহণ কেন্দ্ৰৰ 5433 টা কেন্দ্ৰই অতি স্পৰ্শকাতৰ বাবেই 24 গৰাকী অতিৰিক্ত পৰ্ববেক্ষক নিয়োগ কৰা হৈছে ৷ ইফালে ভোটকেন্দ্ৰ সমূহত 55.65 শতাংশ বুথত ৱেবকাষ্টিঙৰ সুবিধা থকাৰ লগতে 20 শতাংশ বুথত মাইক্ৰ' অৱজাৰ্ভাৰ মোতায়েন কৰা হৈছে ৷ নিৰাপত্তাৰ বাবে মুঠ 646 টা নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক

Last Updated : Apr 29, 2021, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.