ETV Bharat / bharat

Bappi Lahiri Passes away : চিৰবিদায় বাপ্পী দা - প্ৰবীণ গায়ক আৰু সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই

প্ৰখ্যাত গায়ক আৰু সুৰকাৰ বাপ্পী লাহিড়ী ওৰফে বাপ্পী দাৰ(Music Composer Singer Bappi da) প্ৰকৃত নাম আছিল আলোকেশ লাহিড়ী ৷ তেওঁ ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰখনত বহুতো স্মৰণীয় সংগীত উপহাৰ দি গৈছে । বাপ্পী দায়ে বলীউডত প্ৰথমে 'ডিস্কো ডান্স'ৰ প্ৰৱৰ্তন কৰিছিল ।

Singer-composer Bappi Lahiri
চিৰবিদায় বাপ্পী দা
author img

By

Published : Feb 16, 2022, 9:25 AM IST

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী : প্ৰবীণ গায়ক আৰু সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই ৷ বুধবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী দায়ে(Singer-composer Bappi Lahiri dies in Mumbai hospital) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ । অনুৰাগী আৰু সহকৰ্মীসকলৰ মাজত বাপ্পী দা নামেৰে জনাজাত সংগীত শিল্পীগৰাকীক বলীউডৰ ডিস্কো কিং বুলি জনা হৈছিল ৷ তেওঁ আশী আৰু নব্বৈৰ দশকৰ হিন্দী চলচ্চিত্ৰ জগতত ডিস্কো ধাৰা আগমনৰ পথ প্ৰদৰ্শন কৰিছিল ।

  • Shocked to hear about the demise of rockstar #BappiLahiri ji .
    Can’t believe my next door neighbour is no more .
    Your music will always remain in our hearts .
    ॐ शान्ति !
    🙏

    — Ashoke Pandit (@ashokepandit) February 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এজন সুৰকাৰ হিচাপে বাপ্পী লাহিড়ীৰ আটাইতকৈ হিট ছবিবোৰৰ ভিতৰত আছে "ডিস্কো ডান্সাৰ", "নমক হালাল", "ডান্স ডান্স", শৰাবী", "চাহেব", "হিম্মতৱালা", "ৱাৰ্দাট" আৰু "চলতে চলতে"ৰ দৰে চলচ্চিত্ৰ ৷ 2011 চনত তেওঁ "দ্য ডাৰ্টি পিকচাৰ" চলচ্চিত্ৰত ব্ল’কবাষ্টাৰ গান "ওহ লালা লা"ৰ জড়িয়তে এক বিৰতিৰ পাছত পুনৰ গায়ক হিচাপে ছবি জগতলৈ প্ৰত্যাৱৰ্তন কৰিছিল ।

লগতে পঢ়ক : Gangubai Kathiawadi world premiere: ছবিৰ মুক্তিৰ পূৰ্বে বাৰ্লিনলৈ ৰাওনা হ’ল আলিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.