নিউজ ডেস্ক, ২৮ নৱেম্বৰ : বাবা ৰামদেৱে সোমবাৰে মহাৰাষ্ট্ৰৰ থানেত এক অনুষ্ঠানৰ সময়ত ইয়াৰ পূৰ্বে শুকুৰবাৰে কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰে (Baba Ramdev apologies on women cloth comments) । উল্লেখ্য, শুকুৰবাৰে এক অনুষ্ঠানত মহিলাৰ কাপোৰৰ ওপৰত কৰা মন্তব্যৰ বাবে বিতৰ্কত সোমাই পৰে যোগগুৰু ৰামদেৱ ।
উক্ত বিতৰ্কৰ পৰিপ্ৰেক্ষিততে সোমবাৰে ক্ষমা বিচাৰিবলৈ বাধ্য হয় বাবা ৰামদেৱ । 'যদিও মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগে (Maharashtra State Women Commission) জাৰি কৰা জাননীখনত উল্লেখ কৰা অপৰাধটো মই কৰা নাই, মোৰ মন্তব্যই মহিলাসকলক আঘাত বা অপমান যদি কৰিছে তাৰবাবে মই ক্ষমা বিচাৰিছোঁ ।' আয়োগক দিয়া তেওঁৰ ক্ষমা-পত্ৰখনত ৰামদেৱে এনেদৰে উল্লেখ কৰিছে (Ramdev controversial remark on women) ।
উল্লেখ্য, মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চাকানকাৰে জাৰি কৰা এক জাননীৰ পৰিপ্ৰেক্ষিতত বাবা ৰামদেৱে ক্ষমা বিচাৰিবলগা হয় । উক্ত জাননীখনত মহিলা আয়োগে তেওঁ কৰা মন্তব্যৰ বাবে সৃষ্টি হোৱা সমস্যাৰ বাবে তেওঁক দুদিনৰ ভিতৰত ক্ষমা খুজিবলৈ দিছিল (Yoga Guru Ramdev problematic comments on women) । উল্লেখ্য, শুকুৰবাৰৰ অনুষ্ঠানত যোগ গুৰুজনে স্পষ্ট ভাষাত কৈছিল যে মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখায় । মহাৰাষ্ট্ৰৰ থানেত অনুষ্ঠিত এক জনাকীৰ্ণ অনুষ্ঠানত ভাষণ দি থকাৰ সময়ত ৰামদেৱে এই কথা দৈছিল । আনহাতে, উক্ত অনুষ্ঠানত ৰামদেৱৰ সৈতে মঞ্চত উপস্থিত আছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পত্নী অমৃতা ফাড়নভিছ (Maharashtra Deputy CM) ।
"২৫ নৱেম্বৰত মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগে এক নিৰ্দিষ্ট আইনৰ অধীনত মোলৈ এখন জাননী প্ৰেৰণ কৰে । জাননীখনত উল্লেখ কৰা আইনৰ অধীনত মই কোনো অপৰাধ কৰা নাই । উক্ত ৰাজহুৱা অনুষ্ঠানত এক ঘণ্টা ধৰি চলি থকা ভাষণৰ সময়ত মই কেৱল মহিলাসকলক মহিমামণ্ডিত কৰিবলৈ আৰু মহিলাৰ সবলীকৰণৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ । মহিলাৰ পোছাকৰ ওপৰত মোৰ বক্তব্যৰ উদ্দেশ্য আছিল মহিলাৰ সাধাৰণ পোছাক বৈধ কৰাটো । কিন্তু মই দুখিত, যদি এই বক্তব্যই মহিলা সমাজক অপমান কৰিছে ।" ক্ষমা-পত্ৰখনত ৰামদেৱে এই কথাও লিখিছে ।
লগতে তাত আৰু কোৱা হৈছে যে অতীতত কেইবাটাও অনুষ্ঠান আৰু পদক্ষেপৰ জৰিয়তে যোগ গুৰুজনে কেনেদৰে সমগ্ৰ দেশতে মহিলা সবলীকৰণৰ বাবে কাম কৰিছে । ৰূপালী চাকানকাৰে টুইটাৰযোগে যোগ গুৰু ৰামদেৱে হিন্দীত প্ৰেৰণ কৰা ক্ষমা-পত্ৰখন পোষ্ট কৰিছে ।
আনহাতে, ইটিভি ভাৰতৰ (ETV Bharat) সৈতে হোৱা বাৰ্তালাপত চাকানকাৰে ৰামদেৱৰ ক্ষমা-পত্ৰ পোৱাটো নিশ্চিত কৰিছে । "থানেৰ এক অনুষ্ঠানত দিয়া সমস্যাজনক মন্তব্য সন্দৰ্ভত আমি ২০২২ চনৰ ২৫ নৱেম্বৰত ৰামদেৱ বাবাক এখন জাননী প্ৰেৰণ কৰিছিলোঁ । তেওঁক তেওঁৰ মন্তব্য স্পষ্ট কৰিবলৈ আৰু ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল । তেওঁ আজি এখন ক্ষমা-পত্ৰ প্ৰেৰণ কৰিছে, য'ত তেওঁ মহিলাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিছে ।"
উল্লেখ্য, দিল্লী মহিলা আয়োগেও (Delhi Women Commission) যোগ গুৰুজনক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰিছিল । লগতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু টিএমচিৰ সাংসদ মহুৱা মৈত্ৰকে ধৰি কেইবাজনো ৰাজনীতিকেও বাবা ৰামদেৱৰ উক্ত বক্তব্যক তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক :Ragging in Dibrugarh University: মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ