ETV Bharat / bharat

Yoga Mahotsav 2023: দিল্লীত যোগ মহোৎসৱ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

দিল্লীত অনুষ্ঠিত হৈছে 'যোগ মহোৎসৱ 2023' (Yoga Mahotsav 2023)৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত, দিল্লীৰ টালকটোৰা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই 'যোগ মহোৎসৱ'(Morarji Desai National Institute of Yoga MDNIY) ৷ মন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে 'যোগ মহোৎসৱ ২০২৩'ৰ শুভ উদ্বোধন কৰে ৷

author img

By

Published : Mar 14, 2023, 2:09 PM IST

Yoga Mahotsav 2023
দিল্লীত যোগ মহোৎসৱ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক, 14 মাৰ্চ: দিল্লীত যোৱা 13 মাৰ্চৰ পৰা 14 মাৰ্চলৈ অনুষ্ঠিত হৈছে 'যোগ মহোৎসৱ 2023' ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত, দিল্লীৰ টালকটোৰা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই 'যোগ মহোৎসৱ' ৷ কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে নতুন দিল্লীত 'যোগ মহোৎসৱ ২০২৩'ৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানৰ জৰিয়তেই আৰম্ভ হৈছে অহা ২১ জুনত অনুষ্ঠিত হ'বলগীয়া আন্তর্জাতিক যোগ দিৱসৰ ১০০ দিনৰ গণনা (International Yoga Day 2023) ৷

উদ্বোধনী অনুষ্ঠানত আন্তর্জাতিক যোগ দিৱস উদযাপনৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal Ministry of Ayush) কয় যে, "যোগৰ ব্যাপক গ্রহণযোগ্যতাই ভাৰতৰ লগতে সমগ্র বিশ্বতে সুস্থ-সবল জীৱনশৈলীৰ সন্ধান দিছে। ভাৰতে এই বছৰৰ বাবে সন্মানীয় জি-২০ৰ সভাপতিত্ব কৰাৰো সুযোগ পাইছে (G20 Summit 2023 in India) ৷ ভাৰতে 'বসুধৈৱ কুটুম্বকম'ৰ মূল বিশ্বাসক সাৰোগত কৰি মানৱ সমাজৰ কল্যাণৰ হকে সুফলদায়ক চিন্তাচৰ্চা আৰু সময়োচিত পদক্ষেপ গ্রহণ কৰিছে (Vasudhaiva Kutumbakam)। ভাৰতৰ সমৃদ্ধ ঐতিহ্য আৰু প্ৰাচীন সভ্যতাই এক অনন্য নিদর্শন যোগে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।" মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই বছৰ কেন্দ্ৰীয় বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু বিভিন্ন যোগ সংস্থাৰ সহযোগত উলহ-মালহেৰে যোগ দিৱস উদযাপন কৰা হ'ব।

Yoga Mahotsav 2023
দিল্লীত যোগ মহোৎসৱ 2023

দেশৰ সকলো ক'ৰ্পৰেট হাউছক তেওঁলোকৰ কৰ্মক্ষেত্ৰত 'যোগ কোষ' স্থাপন কৰিবলৈ আহ্বান জনাই সর্বানন্দ সোণোৱালে কয় যে, ক'ৰ্পৰেট ইণ্ডিয়ায়ো যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। কৰ্মচাৰীসকলেও কর্মক্ষেত্রতে যাতে যোগৰ সুবিধা লাভ কৰিব পাৰে ৷ এই সুবিধাই ভাৰতৰ কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰত উজ্জীৱিত কৰাৰ লগতে তেওঁলোকৰ দক্ষতা বিকাশতো সহায় কৰিব বুলি মন্তব্য কৰে তেওঁ ৷

যোগ মহোৎসৱৰ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে কেন্দ্রীয় সংস্কৃতি, পর্যটন আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী (G. Kishan Reddy Minister of DONER) মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিং; কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখি; কেন্দ্রীয় আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই; আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু অন্যান্য বিষয়াসকল।

অনুষ্ঠানটোত বাংগালুৰুৰ SVYASA বিশ্ববিদ্যালয়ৰ উপাচার্য ড° এইচ আৰ নগেন্দ্ৰ, ৰাজস্থানৰ তেৰাপন্থ সমাজৰ মুনিশ্ৰী কমল কুমাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট হিমা দাস, যোগ বিশেষজ্ঞ, যোগ গুৰু, যোগ অনুশীলনকাৰী প্ৰমুখ্যে অন্যান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: AAP slams SEBA: প্ৰশ্ন কাকত ফাদিলত বিশ্ব ৰেকৰ্ড গঢ়িছে শাসনাধিষ্ঠিত চৰকাৰে: আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.