ETV Bharat / bharat

৫১ ইঞ্চি উচ্চতাৰ ৰাম লল্লাৰ মূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰৰ গৰ্ভগৃহত - শ্ৰী ৰামৰ প্ৰতিমূৰ্তি

Ayodhya Ram Mandir: ৰাম মন্দিৰৰ মূল গৰ্ভগৃহত স্থাপন কৰিবলগীয়া ভগবান ৰামৰ প্ৰতিমূৰ্তি চূড়ান্ত ৷ ৫১ ইঞ্চি উচ্চতাৰ ভগৱান ৰামৰ এই প্ৰতিমূৰ্তিটো মহীশূৰৰ অৰুণ যোগীৰাজে নিৰ্মাণ কৰি উলিয়াইছে ৷ এই প্ৰতিমূৰ্তিত দশৰথ পুত্ৰ তথা বিষ্ণুৰ অৱতাৰৰ আভাস পোৱা যাব ।

ayodhya ram mandir statue of ramlala selected for consecration
অযোধ্যাৰ ৰাম মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 10:35 AM IST

নিউজ ডেস্ক, ১ জানুৱাৰী: অযোধ্যাৰ ৰাম মন্দিৰৰ মূল গৰ্ভগৃহত স্থাপন কৰিবলগীয়া শ্ৰী ৰামৰ প্ৰতিমূৰ্তি চূড়ান্ত কৰা হৈছে ৷ পাঁচ বছৰীয়া ৰাম লল্লাক প্ৰতিফলন কৰা ৫১ ইঞ্চি ওখ ভগৱান ৰামৰ এটা মূৰ্তিক ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ মহাসচিব চম্পত ৰায়ে প্ৰকাশ কৰে এই কথা ৷ উল্লেখ্য যে, ২২ জানুৱাৰীত শ্ৰী ৰাম জন্মভূমিত ৰাম মন্দিৰৰ অভিষেক হ’ব ৷

ayodhya ram mandir statue of ramlala selected for consecration
অযোধ্যাৰ ৰাম মন্দিৰ

ৰাম মন্দিৰৰ অভিষেকৰ বাবে ইতিমধ্যে সমগ্ৰ অযোধ্যা তথা উত্তৰ প্ৰদেশত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ শ্ৰী ৰাম জন্মভূমিত ৰাম মন্দিৰৰ অভিষেকৰ বাবে অযোধ্যাই সাজু হোৱাৰ সময়তে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ইয়াৰ গৰ্ভগৃহত স্থাপন কৰিবলগীয়া ৰাম লল্লাৰ মূল মূৰ্তিটো বাছনি কৰি উলিয়াইছে ৷

অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহ

ভগৱান ৰাম লল্লাৰ মূৰ্তি নিৰ্ণয়ৰ বাবে ভোটগ্ৰহণ গ্ৰহণৰ বাবে পূৰ্বে ট্ৰাষ্টৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ৷ ৰায়ে জানিবলৈ দিয়া অনুসৰি, ৰাজস্থান আৰু বেংগালুৰুৰ ভাস্কৰ্য শিল্পীয়ে ৰাম মন্দিৰৰ গৰ্ভ গৃহত স্থাপনৰ বাবে তিনিটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে । মহীশূৰৰ অৰুণ যোগীৰাজ আৰু বেংগালুৰুৰ কে এল ভাটে ক’লা ৰঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে । অৰুণ যোগীৰাজে ৫ বছৰীয়া বালক ৰামৰ ৰূপত নিৰ্মাণ কৰা ৫১ ইঞ্চিৰ ভগৱান ৰামৰ মূৰ্তিটো মন্দিৰৰ গৰ্ভ গৃহত স্থাপনৰ বাবে বাছনি কৰা হৈছে ।

তেওঁৰ মতে, ভগৱান ৰামৰ মূৰ্তিৰ চকু পদুমৰ পাহিৰ সদৃশ আৰু তেওঁৰ মুখখন চন্দ্ৰৰ দৰে জিলিকি উঠে । আঁঠুলৈকে বিস্তৃত হৈ থকা দীঘল দুখন হাত আৰু ওঁঠত প্ৰশস্তিৰ হাঁহি । ৰাম লল্লাৰ অন্তৰ্নিহিত ঐশ্বৰিক শান্তি আৰু মন্ত্ৰমুগ্ধ কৰি ৰখা চাৱনি ইয়াত আছে । এই প্ৰতিমূৰ্তিত ৰজা দশৰথৰ পুত্ৰ আৰু বিষ্ণুৰ অৱতাৰৰ আভাস পোৱা যাব । ভাৰতীয় সংস্কৃতি অনুসৰি প্ৰতিমূৰ্তিটোত ইয়াৰ প্ৰতিফলন হ’ব ।

মন্দিৰত ভগবান ৰামৰ প্ৰতিমা স্থাপন কৰিবলগীয়া স্থান সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰায়ে ৷ ইফালে বৃহস্পতিবাৰে শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই ৰাম জন্মভূমিত চলি থকা নিৰ্মাণ কামৰ বুজ লয় ৷ তেওঁ পৰ্যাপ্ত সময় বিনিয়োগ কৰি গুণগতভাৱে মন্দিৰৰ নিৰ্মাণৰ কাম কৰাৰ কথা জানিবলৈ দিয়ে ৷ মন্দিৰৰ বিষয়াসকলৰ মতে, ১৬ জানুৱাৰীৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অভিষেক অনুষ্ঠান ।

লগতে পঢ়ক: ভিআইপি-ভিভিআইপি আহিব; 22 জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ নাহিবলৈ আহ্বান প্ৰধামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.