ETV Bharat / bharat

কেৰালাৰ আয়মানম গাঁৱলৈ আগবঢ়োৱা হৈছে পৰ্যটন বঁটা - কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন

বিশ্ব পৰ্যটন ক্ষেত্ৰত উজ্বলিল কেৰালাৰ আয়মানম(Aymanam) গাঁও । সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা গাঁওখনলৈ ৱৰ্ল্ড ট্ৰেভেল মাৰ্কেটে আগবঢ়াইছে ৱান টু ৱাটচ(One to Watch Award) বঁটা । ভাৰতীয় শ্ৰেণীত এই বঁটা আগবঢ়োৱা হৈছে আয়মানম গাঁৱলৈ ।

Aymanam village in Kerala bags tourism award
কেৰালাৰ আয়মানম গাঁৱলৈ আগবঢ়োৱা হৈছে পৰ্যটন বঁটা
author img

By

Published : Nov 3, 2021, 11:38 AM IST

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ: ৱৰ্ল্ড ট্ৰেভেল মাৰ্কেটে কেৰালাৰ কোট্টায়াম জিলাৰ আয়মানম(Aymanam) গাঁৱলৈ আগবঢ়াইছে ৱান টু ৱাটচ(One to Watch Award) বঁটা । পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে গাঁওখনত কৰা উন্নয়নমূলক কাম-কাজ তথা বিভিন্ন পদক্ষেপৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে । লণ্ডনত আয়োজিত এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে পৰ্যটন সঞ্চালকে । ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা ২০২০ চনৰ ৩১ মাৰ্চলৈকে গাওঁখনত কৰা পৰ্যটন ক্ষেত্ৰৰে জড়িত কাৰ্যকলাপৰ বাবে আয়মানম গাঁৱক এই বঁটাৰ বাবে বাছনি কৰা হৈছিল ।

কুমাৰকমৰ পিছত এতিয়া ৰাজ্যখনৰ অন্যতম আকৰ্ষণীয় পৰ্যটন স্থলীলৈ পৰিণত হৈছে এই গাঁওখন । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে আয়মানম গাঁৱক 'মডেল ৰেছপন্সিবল ট্যুৰিজম ভিলেজ' হিচাপে ঘোষণা কৰাৰ ১৪ মাহৰ পিছতে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে । সংস্কৃতিৰ প্ৰসাৰৰ লগতে পৰ্যটন নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে পঞ্চায়তখনক বঁটাৰ বাবে বাছনি কৰা হৈছিল । গাঁওখন পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠাৰ বাবে স্থানীয় লোকসকলৰ উপাৰ্জনৰ বাট মুকলি হৈছে ।

লগতে পৰিৱেশ সুৰক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হৈছে । ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী পি এ মহম্মদ ৰিয়াজে কয় যে, এই বঁটাই ক'ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কেৰালাৰ পৰ্যটন ক্ষেত্ৰক পুনৰুজ্জীৱিত কৰাত সহায় কৰিব । 'মডেল ৰেছপন্সিবল ট্যুৰিজম ভিলেজ' পঞ্চায়ত আঁচনিৰ জৰিয়তে দায়িত্বশীল পৰ্যটন কাৰ্যকলাপৰ এক ব্যাপক একত্ৰীকৰণ ।

এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰা আয়মানম পঞ্চায়ত হৈছে ৰাজ্যখনৰ প্ৰথম পঞ্চায়ত । এই আঁচনিৰ অংশ হিচাপে পৰ্যটকসকলৰ বাবে প্ৰকল্পটো সম্পূৰ্ণৰূপে সফল কৰাৰ বাবে পৰ্যটন পেকেজৰো ব্যৱস্থা কৰা হৈছে । পৰ্যটকসকলক প্ৰাচীন মন্দিৰ আৰু গীৰ্জা দৰ্শনৰ বাবেও লৈ যোৱা হয় ।

ক্লীন কেৰালা প্ৰকল্পৰ অংশ হিচাপে স্থানসমূহ চাফ-চিকুণো কৰা হৈছিল । ইয়াৰ উপৰিও, অধিক পৰ্যটকক আকৰ্ষিত কৰিবলৈ ৱাটাৰ লিলি ফেষ্টিভেলো অনুষ্ঠিত কৰা হয় । সকলো ৱাৰ্ডত আৱৰ্জনা ব্যৱস্থাপনা প্ৰৱৰ্তন কৰাৰ উপৰিও পঞ্চায়তে পৰ্যটকসকলৰ বাবে অস্থায়ী শৌচালয় আৰু পৰিৱেশ-অনুকূল ভ্ৰমণ পেকেজৰো ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক:এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.