চিটাৰা ডেস্ক, 13 মাৰ্চ: বিশ্বজুৰি উপাৰ্জন কৰা ছবি অৱতাৰ - দ্য ৱে অৱ ৱাটাৰে অস্কাৰৰ সন্মান আজুৰিবলৈ সক্ষম হৈছে । ছবিখনে ভিজুৱেল ইফেক্টছ শাখাত লাভ কৰিছে অস্কাৰ বঁটা(Avatar the way of water wins Oscars award) । ছবিখনৰ পৰিচালক জেমছ কেমেৰন আৰু ছবিখনৰ সমগ্ৰ দলটোৱে এই বঁটা লাভ কৰি নথৈ আনন্দিত হৈছে(Oscars awards 2023)।
ছবিখনৰ ভিজুৱেল ইফেক্টছ দলৰ সদস্য জো লেটেৰী, ৰিচাৰ্ড বেনেহাম, এৰিক ছেইনডন আৰু ডেনিয়েল বেৰেটে এই বঁটা লাভ কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠানত ব্যক্তিগত কাৰণত জেমছ কেমেৰনে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰা হৈছিল ৷
ইফালে ছবিৰ অভিনেত্ৰীগৰাকীয়ে এই বঁটা লাভ কৰে । এই ছবিখনে ভাৰতত ৪০০ কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিছিল । বিগত বছৰৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিছিল ছবিখনে(Avatar the way of water)। এই বৰ্ষত ছবিখনত পানীৰ জগতখনৰ বিষয়ে দৰ্শকৰ সৈতে চিনাকি কৰোঁৱা হৈছিল । ভাৰতৰ লগতে বিশ্ববাসীয়েও এই ছবিখনক আদৰি লৈছে(The Way of Water wins Best Visual Effects)।
-
'Avatar: The Way of Water' wins Best Visual Effects #Oscars #Oscars95 pic.twitter.com/U7xJ0D20tO
— The Academy (@TheAcademy) March 13, 2023 " class="align-text-top noRightClick twitterSection" data="
">'Avatar: The Way of Water' wins Best Visual Effects #Oscars #Oscars95 pic.twitter.com/U7xJ0D20tO
— The Academy (@TheAcademy) March 13, 2023'Avatar: The Way of Water' wins Best Visual Effects #Oscars #Oscars95 pic.twitter.com/U7xJ0D20tO
— The Academy (@TheAcademy) March 13, 2023
হলীউডৰ প্ৰখ্যাত পৰিচালক জেমছ কেমেৰনৰ এক দশকৰো অধিক কষ্টৰ পুৰস্কাৰ লাভ কৰিছে । সমগ্ৰ বিশ্বতে ৰূপালী পৰ্দাত এক অভিলেখৰ সৃষ্টি কৰা ছবি ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’ইও অস্কাৰত নিজৰ চাপ পেলাবলৈ সক্ষম হৈছে । চিনেমা হলত মুক্তি আৰু উপাৰ্জনৰ অভিলেখ ভংগ কৰাৰ পিছত অস্কাৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে অৱতাৰে(How many Oscars Avatar won?)।
কোৱা হয় যে, জেমছ কেমেৰনৰ পানীত ডুব যোৱা কল্পবিজ্ঞান ছবিখনে সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছিল আৰু ইয়াক বহু দেশত চোৱাৰ বাবে মুকলি কৰা হৈছিল । এই ছবিখনে চিনেমা দৰ্শকে অতিশয় শলাগ লৈছিল আৰু ইয়াৰ বাবেই উপাৰ্জনৰ অভিলেখ ভংগ কৰিছিল । এই ছবিখনৰ জৰিয়তে পানীৰ তলৰ জগতখন চাই মানুহে নিজৰ জিজ্ঞাসা পূৰ্ণ কৰিব বিচাৰিছিল(Oscars 2023)। তাৰ ফলস্বৰূপে জেমছ কেমেৰনৰ ছবি অৱতাৰ হৈ পৰিল বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম ।
লগতে পঢ়ক: The Elephant Whisperers এ ৰচিলে ইতিহাস, অস্কাৰ ২০২৩ ত আজুৰিলে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ বঁটা