নিউজ ডেস্ক, 18 এপ্ৰিল : পশ্চিমবংগৰ চাইনথিয়া বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰিয়া সাহাৰ কনভয়ত শনিবাৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
বিজেপিৰ প্ৰাৰ্থী প্ৰিয়া সাহা অভিযোগ উত্থাপন কৰি কয় যে, "টিএমচিৰ দুৰ্বৃত্তই মোৰ কনভয়ত আক্ৰমণ কৰিছিল, আমাৰ কৰ্মীসকলৰ ওপৰত বোমা নিক্ষেপ কৰিছিল ।" ইফালে আক্ৰমণৰ ঘটনাৰ পাছতে সাহাই আন দলীয় কৰ্মীসকলৰ সৈতে শনিবাৰে নিশা আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদো সাব্যস্ত কৰে ৷
![Attack on Priya Saha's convoy in Bengal: BJP workers hold protest outside police station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11445034_attack-by-leader.jpg)
"যদি আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি ইয়াত আৰক্ষী থানাৰ সন্মুখত ২৪x7 প্ৰতিবাদত বহিম," সাহাই এনেদৰে কয় । বিজেপি নেতা তথা নন্দীগ্ৰামৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়েও ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, হিংসাৰ আশ্ৰয় লোৱাটো টিএমচিৰ অভ্যাস । "এয়া তেওঁলোকৰ অভ্যাস । গুণ্ডাৰ বাহিৰে তৃণমূল কংগ্ৰেছৰ সৈতে কোনো নাই," অধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।
উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব, য'ত ৩০৬ গৰাকী প্ৰাৰ্থীয়ে চাৰিখন জিলাৰ ৪৩ টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব ।
লগতে পঢ়ক: কৰ’ণাত মৃত্যু হোৱা তিনি শতাধিকক সৎকাৰ ভূতনাথ শ্মশানত