নেশ্যনেল ডেস্ক,২২ অক্টোবৰ : হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীৰ প্ৰাক্তন পৰিচালন সঞ্চালক আটলুৰী ৰামমোহন ৰাওৰ দেহাৱসান (Atluri Rammohan Rao passes away)। শনিবাৰে ৮৭ বছৰ বয়সত হায়দৰাবাদৰ এআইজি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৰাওৰ । দেওবাৰে জুবিলি হিলছৰ মহা প্ৰস্থানমত পুৱা ১০ বজাত ৰাওৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।
ৰামমোহন ৰাও দীৰ্ঘ সময় ধৰি ৰামোজী গ্ৰুপৰ কোম্পানীৰ সৈতে জড়িত আছিল । ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল । ৰামোজী গ্ৰুপৰ দৈনিক ইনাডুৰ পৰিচালন সঞ্চালক হিচাপে কাম কৰা আটলুৰী ৰামমোহন ৰাওৰ জন্ম হৈছিল ১৯৩৫ চনত কৃষ্ণা জিলাৰ পেদাপাৰুপুডিত (Eenadu daily former MD died)।
তেওঁ ১৯৭৫ চনত ইনাডুৰ সৈতে কৰ্মজীৱন আৰম্ভ কৰিছিল (Atluri Rammohan Rao started his career with Eenadu)। ৰামোজী গ্ৰুপ অধ্যক্ষ ৰামোজী ৰাওৰ শৈশৱৰ বন্ধু আছিল ৰামমোহন ৰাও । ইফালে ৰাওৰ মৃত্যুত ৰামোজী ফিল্ম চিটীত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক :Bus Accident in Madhya Pradesh: মধ্য প্ৰদেশত পথ দুৰ্ঘটনাত নিহত 14, আহত 40