ETV Bharat / bharat

Atiq Ashraf killing : আতিকৰ হত্যাকাৰীক সহায় কৰা ৩ জনক আটক

author img

By

Published : Apr 20, 2023, 8:07 PM IST

আতিক আৰু আশ্ৰফৰ হত্যাকাৰীয়ে সাংবাদিকৰ বেশত গৈছিল । হত্যাকাৰীক কেমেৰা আৰু আন সঁজুলি যোগান ধৰাৰ অভিযোগত তিনিজনক আটক (Three arrested on Atiq murder case)। হত্যাকাৰী লাভলেশ তিৱাৰীৰ সহযোগী এই তিনিজন ।

Atiq Ashraf killing
আতিকৰ হত্যাকাৰীক সহায় কৰা ৩ জনক আটক

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফৰ হত্যাকাণ্ড গোচৰত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে আৰক্ষীয়ে আন তিনিজন লোকক আটক কৰিছে (Police arrests three on Atiq murder case)। তিনি হত্যাকাৰীৰ অন্যতম লাভলেশ তিৱাৰীৰ সহযোগী আছিল ধৃত লোককেইজন । হত্যাকাৰীক কেমেৰা আৰু আন আন সঁজুলি যোগান ধৰাৰ অভিযোগ আছে তিনিওজনৰ বিৰুদ্ধে ।

জানিব পৰা মতে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে লাভলেশ তিৱাৰীৰ তিনিজন সহযোগীক আটক কৰে (Lovelash Tiwari associates detained)। গেংষ্টাৰ ভাতৃদয়ক হত্যা কৰা তিনি অভিযুক্তৰ অন্যতম আছিল লাভলেশ তিৱাৰী । আৰক্ষীৰ সূত্ৰৰ মতে, তিনিওজনে হত্যাকাৰীক ভিডিঅ' সাংবাদিকৰ প্ৰশিক্ষণ দিছিল ।

বুধবাৰে গ্ৰেপ্তাৰ কৰা তিনিওজনে লাভলেশ আৰু তেওঁৰ সহযোগীক এটা ভিডিঅ' কেমেৰা আৰু অন্যান্য প্ৰয়োজনীয় কাৰিকৰী সঁজুলি ক্ৰয় কৰাত সহায় কৰিছিল যাতে তেওঁলোকে সাংবাদিকৰ দলৰ দৰে বেশত আহিব পাৰে । তিনিওজনকে বান্দা ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰে । এছআইটি দলে হামিৰপুৰ আৰু কাচগঞ্জলৈ গৈ প্ৰয়োজনীয় অধিক প্ৰমাণ আৰু তথ্য সংগ্ৰহ কৰিছে ।

ইয়াৰ পূৰ্বে, হত্যাকাণ্ডত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল (Atiq Ashraf killing)। তেওঁলোকক অৰুণ মৌৰ্য, ছানী সিং আৰু লাভলেশ তিৱাৰী বুলি চিনাক্ত কৰা হৈছিল । তিনিওজন আক্ৰমণকাৰীয়ে সাংবাদিক হিচাপে গোটেই দিনটো আতিক আৰু তেওঁৰ ভাতৃৰ পিছত আছিল । হত্যাৰ পাছতে তেওঁলোকে আত্মসমৰ্পণ কৰিছিল । ইফালে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ চিজেএম আদালতে বুধবাৰে গেংষ্টাৰ আতিক আহমেদৰ হত্যাকাৰীসকলক চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

ইয়াৰ পূৰ্বে ১৬ এপ্ৰিলত জিলা আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । আৰক্ষীৰ ৰিমাণ্ডৰ সময়ত, আৰক্ষীয়ে অভিযুক্তজনক তেওঁলোকে হত্যাৰ বাবে ব্যৱহাৰ কৰা অস্ত্ৰ আৰু তেওঁলোকে কেনেকৈ অস্ত্ৰ-শস্ত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে সোধা-পোছা কৰিছে ।

বুধবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৌশাম্বীত আতিক আহমেদৰ পত্নী ছায়েস্তা পাৰবীনক বিচাৰি একাধিক স্থানত অভিযান চলায় । অভিযানটো প্ৰায় ২ ঘণ্টা ধৰি চলিছিল । অভিযানটোত এটা ড্ৰোণ কেমেৰাও ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে, অভিযানটো সফল নহ'ল ।

লগতে পঢ়ক :Kirandeep Kaur detained : অমৃতপাল সিঙৰ পত্নীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.