ETV Bharat / bharat

Heavy rain in Chennai : বৰষুণত ক্ষতিগ্ৰস্ত চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ ৩ জনৰ মৃত্যু - তামিলনাডুত ৰেড এলাৰ্ট জাৰি

চেন্নাইত মুষলধাৰ বৰষুণৰ ফলত সংঘটিত হৈছে এটাৰ পাচত আনটো অঘটন । বৃহস্পতিবাৰে বিদ্যুৎস্পৃষ্ট হৈ চেন্নাইত দুগৰাকী মহিলা আৰু এটি কিশোৰে প্ৰাণ হেৰুৱায় । প্ৰতিকুল বতৰৰ বাবে চেন্নাইৰ লগতে তামিলনাডুৰ কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু চিংগলেপেট জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট(Red alert issued to Chennai city and 3 district) ।

Heavy rain in Chennai
বৰষুণত ক্ষতিগ্ৰস্ত চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ ৩ জনৰ মৃত্যু
author img

By

Published : Dec 31, 2021, 11:56 AM IST

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: ধাৰাসৰ বৃষ্টিপাতৰ বাবে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে চেন্নাইত । বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা । বৰষুণৰ বাবে তামিলনাডুৰ বিভিন্ন স্থানত সংঘটিত হৈছে কেইবাটাও শোকাৱহ ঘটনা । বৃহস্পতিবাৰে বিয়লি চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ দুগৰাকী মহিলা আৰু এটি কিশোৰৰ মৃত্যু হয়(3 people die of electrocution in Chennai) । চেন্নাইৰ লগতে তামিলনাডুৰ কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু চিংগলেপেট জিলাত বৰ্তমান ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

অহা বছৰৰ ৩ জানুৱাৰী পৰ্যন্ত বতৰ একে থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে । নিম্ন স্তৰত পূৱ দিশৰ বতাহ আৰু উৰ্ধ্ব স্তৰত পশ্চিমীয়া বতাহ বলি থকা বাবে চহৰখনত বৃষ্টিপাত হৈছে বুলি তেওঁ প্ৰকাশ কৰে । বিদ্যুৎস্পৃষ্ট হৈ অট্টেৰীৰ তামিলাৰাছি নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে মীনা নামৰ উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰব্ৰজনকাৰী মহিলা শ্ৰমিকৰ মৃত্যু হয়(Rain related incident in Chennai) । লগতে মাইলাপুৰৰ পুলিয়াঁথোপে অঞ্চলৰ এটি ১৩ বছৰীয়া কিশোৰে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হয় ।

চহৰখনৰ কেইবাটাও স্থানত প্ৰায় ৫ ঘণ্টা ধৰি ২০ ছেণ্টিমিটাৰতকৈ অধিক বৃষ্টিপাত অব্যাহত আছে । বৰষুণৰ স্তৰে ২০১৫ চনৰ ডিচেম্বৰ মাহৰ জলপ্ৰলয়ৰ স্তৰক অতিক্ৰম কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ৱেডাৰ ব্লগাৰসকলে । অধিকাংশ পথ পানীয়ে বুৰাই পেলাইছে আৰু ফলত যাতায়াত ব্যাহত হৈ পৰিছে ।

জলময় পথেৰে বাহন চলোৱাৰ পৰা বিৰত থকাৰ বাবে কমসংখ্যক চালকে টেক্সী চলাই আছে চেন্নাইত । ফলত টেক্সিৰ ভাড়া বহু পৰিমাণে বৃদ্ধি পাইছে । আনহাতে, আন্তঃমহানগৰ চৰকাৰী বাছবোৰ এতিয়া কেৱল চহৰখনৰ মাজতে চলাবলৈ অনুমতি দিয়া হৈছে । মহানগৰ পৰিবহণ নিগমে বাছৰ সংখ্যা হ্ৰাস কৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে ।

নেৰানেপেৰা বৰষুণে চেন্নাই মেট্ৰ' ৰে'ল চলাচলতো ব্যাপক প্ৰভাৱ পেলাইছে । চেন্নাই মেট্ৰ' ৰে'ল কৰ্তৃপক্ষই টুইটযোগে ঘোষণা কৰিছিল যে, যাত্ৰীৰ সুবিধাৰ বাবে ৩০ ডিচেম্বৰৰ পৰা অন্তিমখন মেট্ৰ' ৰে'লৰ সেৱাৰ সময় নিশা ১১ বজাৰ পৰিৱৰ্তে ১২ বজালৈ বৃদ্ধি কৰে । ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত যাত্ৰীসকলক সুৰক্ষিতভাৱে নিজ নিজ বাসগৃহত উপস্থিত হোৱাত সহায় কৰাৰ বাবে চেন্নাই মেট্ৰ' ৰে'ল কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে । ইফালে, পানী জমা হোৱাৰ বাবে গেংগু ৰেড্ডী চাবৱে, ডুৰাইস্বামী চাবৱে, আৰু আৰ বি আই চাবৱে- এই তিনিটা মুখ্য চাবৱে বন্ধ হৈ থাকে ।

ইটিভি ভাৰতৰ সাংবাদিকৰ আগত বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক এন পুৱিয়াৰাছনে কয় যে, এয়া এক অপ্ৰত্যাশিত ঘটনা । চেন্নাইত ইমান ধাৰাসাৰ বৰষুণ হ'ব বুলি আগজাননী পোৱা নাছিল বিভাগটোৱে । কিন্তু হঠাতে চেন্নাই প্ৰতিকুল বতৰ দেখা গৈছে । শুকুৰবাৰে বৰষুণ হোৱাৰ সম্ভাৱনাৰ সন্দৰ্ভত তেওঁ জনায় যে, যদি পূৱ দিশৰ বতাহ একে অৱস্থাতে বলি থকাে, তেন্তে ৩১ ডিচেম্বৰত বৰষুণ অধিক হোৱাৰ সম্ভাৱনা আছে ।

এম আৰ চি নগৰত ২১৪.৫ মিলিমিটাৰ আৰু নুংগামবাক্কামত ১৯২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল । একেদৰে, ৱাইএমচিএ নন্ধনম আৰু আন্না বিশ্ববিদ্যালয়ত ক্ৰমান্বয়ে ১৮১.৫ মিলিমিটাৰ আৰু ১৫০ মিলিমিটাৰ পঞ্জীয়ন কৰা হৈছে । ৰেডহিলচ জলাশয় আৰু পুণ্ডি জলাশয়ৰ অৱবাহিকা এলেকাত ধাৰাসাৰ বৰষুণৰ ফলত প্ৰবাহ প্ৰতি ছেকেণ্ডত ৩ হাজাৰ কিউছেকলৈ বৃদ্ধি পাইছিল আৰু প্ৰবাহ ক্ৰমান্বয়ে ১ হাজাৰ আৰু ১,৫০০ কিউছেক হৈ থকা বুলি জানিব পৰা গৈছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কে কে এছ এছ আৰ ৰামচন্দ্ৰনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু এই দুৰ্যোগ প্ৰশমনৰ প্ৰক্ৰিয়াৰ বিষয়ে বুজ লয়(KKSSR Ramachandran takes stock of rain damages) ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে গ্ৰেটাৰ চেন্নাই কৰ্প'ৰেচনৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু পৰিস্থিতিৰ বুজ লয়(CM Stalin's review meeting with GCCorporation officials) । জিচিচি কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এম কে ষ্টেলিনে টুইটযোগে উল্লেখ কৰে যে, বৰ্তমানৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে । শীঘ্ৰেই এই সমস্যাসমূহ সমাধান কৰা হ'ব বুলিও তেওঁ আন এক টুইটযোগে আশ্বাস দিয়ে ।

লগতে পঢ়ক:Snowfall in Sikkim : তুষাৰপাতত আৱদ্ধ 300 পৰ্যটকক উদ্ধাৰ সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.