ETV Bharat / bharat

Operations Against ULFA : সুৰক্ষা বাহিনীৰ অভিযানত এবছৰত ১০৭ আলফা কেডাৰ কৰায়ত্ত

author img

By

Published : Apr 7, 2023, 7:45 AM IST

নিৰাপত্তা বাহিনীয়ে উজনি অসমত স্বাভাৱিক অৱস্থা বাহাল ৰাখিবলৈ তেওঁলোকৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । অৱশ্যে কিছুমান নিৰ্দিষ্ট স্থানপৰ পৰা আলফাই এতিয়াও কূটাঘাতমূলক কাম চলাই আছে (Security forces intensify operations against ULFA) ।

ULFA
ULFA

নিউজ ডেস্ক, ৭ এপ্ৰিল : অসমৰ নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (United Liberation Front of Asom) চমুকৈ আলফাৰ (স্বাধীন) বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান চলি আছে । তাৰ মাজতে বিভিন্ন সময়ত নিৰাপত্তা বাহিনীৰ অভিযানত বন্দী হৈছে আলফাৰ (স্বাধীন) বহুতো কেডাৰ ।

এই সন্দৰ্ভত ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বিগত এটা বছৰত সুৰক্ষা বাহিনীয়ে 107 জন আলফা (স্বাধীন) কেডাৰক আটক কৰিছে (Security Forces apprehended 107 ULFA cadres)। আনহাতে, আলফাৰ এই তৃণমূল কৰ্মীসকলৰ পৰা 60 টা অস্ত্ৰ উদ্ধাৰ কৰা হয় । আনহাতে, আলফাৰ প্ৰতি বিতুষ্ট হৈ 22 জন কেডাৰে আত্মসমৰ্পণ কৰাৰ লগতে আন 64 জনৰ আলফাত যোগদানৰ প্ৰক্ৰিয়া প্ৰতিহত কৰে (operation against ULFA I) ।

উল্লেখ্য যে উজনি অসমত এতিয়াও প্ৰায় সক্ৰিয় হৈ আছে আলফাৰ (স্বাধীন) কাৰ্যকলাপ (ULFA activities in Upper Assam) । সেয়ে উজনি অসমত স্বাভাৱিক অৱস্থা বৰ্তাই ৰখাৰ লগতে আইন-শৃংখলা পৰিস্থিতি উন্নত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে আলফাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । অৱশ্যে আলফাৰ বৰ্তমানো কিছুমান নিৰ্দিষ্ট শিবিৰ আছে, য'ৰ পৰা কূটাঘাতমূলক কাৰ্যকলাপ পৰিচালিত কৰি আহিছে ।

ইফালে নাম প্ৰকাশত অনিচ্ছুক এক প্ৰতিৰক্ষা সূত্ৰই কয় যে উজনি অসমৰ অন্তিম কেইটামান বাকী থকা স্থানত সম্পূৰ্ণভাৱে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে চৰকাৰে বিশেষ দৃষ্টিভংগী গ্ৰহণ কৰিছে । এই অঞ্চলবোৰৰ পৰা আলফাক নিষ্ক্ৰিয় কৰাৰ লগতে শান্তি পুনৰ স্থাপনৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে । উল্লেখ্য যে ৰাজ্যখনত বৰ্তমান এখন স্থিৰ চৰকাৰে বিৰাজ কৰাত ৰাজ্যখনত ক্ৰমান্বয়ে বিকাশমূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে । ইয়াৰ ফলত আলফাৰ (স্বাধীন) আদৰ্শগত প্ৰভাৱ দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ আহিছে । যাৰ ফলত বৃহৎ সংখ্যক কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে, অস্ত্ৰ উদ্ধাৰ কৰা হৈছে, কেডাৰসকলে আত্মসমৰ্পণ কৰিছে আৰু আলফাত নতুন যোগদান প্ৰতিৰোধ কৰা হৈছে ।

লগতে পঢ়ক :Assam Assembly: এইবাৰ বিধানসভাৰ বিশেষ অধিৱেশন হ’ব কোকৰাঝাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.