নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: মঙলবাৰে অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । তাৰ মাজতে বিৰোধী কংগ্ৰেছে অসমৰ নিৰ্বাচনত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে । নিৰ্বাচনৰ মাজতে ইভিএম বিজেপি নেতাৰ বাহনত পৰিবহণ কৰাৰ দৰে কেইবাটাও ঘটনা সংঘটিত হোৱাত বিৰোধী কংগ্ৰেছ সৰৱ হৈ পৰা দেখা গৈছে ।
সমান্তৰালকৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও তীব্ৰ সমালোচনা কৰে শাসকীয় দল বিজেপিক । অসমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগক দায়িত্বহীন আখ্যা দিয়াৰ লগতে বিজেপিয়ে নেতিবাচক ৰাজনীতি খেলি থকাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ । লগতে তেওঁৰ দাবী যে অসমৰ ৰাইজে উন্নয়ন আৰু প্ৰগতিৰ বাবে দিয়া গেৰাণ্টিৰ পথ বাচি ল'ব ।
ফেচবুকত এটা পোষ্ট দি প্ৰিয়ংকা গান্ধীয়ে অসমৰ সকলো লোককে ভাতৃ-ভগ্নী বুলি সম্বোধন কৰি সকলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়া শক্তিশালী কৰিবলৈ বৃহৎ সংখ্যাত ভোট দিবলৈ অনুৰোধ জনায় ।
উল্লেখ্য যে, অসমত বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৪০ খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে আৰু ই ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।
লগতে পঢ়ক:বিজেপিৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় কৰ্মীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ