ETV Bharat / bharat

সীমান্ত অঞ্চল পৰিদৰ্শন অসম-মেঘালয়ৰ যুটীয়া প্ৰতিনিধি দলৰ

author img

By

Published : Oct 5, 2021, 12:39 PM IST

অসম-মেঘালয়ৰ সীমান্ত সমস্যা সমাধানৰ বাবে তৎপৰ হৈছে দুয়োখন ৰাজ্যৰ চৰকাৰ । উত্তৰ-পূৱৰ দুয়োখন ৰাজ্যৰ বিষয়াসকলৰে গঠিত এক যুটীয়া প্ৰতিনিধি দলে পৰিদৰ্শন কৰে সীমান্ত অঞ্চল ।

border dispute areas
সীমান্ত অঞ্চল পৰিদৰ্শন অসম মেঘালয়ৰ যুটীয়া প্ৰতিনিধি দলৰ

নিউজ ডেস্ক, ৫ অক্টোবৰ : চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমান্ত সমস্যা দীৰ্ঘদিন ধৰি চলি আছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ চৰকাৰে এই সীমা সমস্যা সমাধানত যথেষ্ট গুৰুত্ব দিছে । প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰী তথা সংশ্লিষ্ট বিভাগসমূহে বৈঠকতো মিলিত হৈছে । ইয়াৰ মাজতে অসম আৰু মেঘালয় চৰকাৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ পৰিছে ।

দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰে প্ৰতিনিধি দলে একেলগে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে । সোমবাৰে কেবিনেট পৰ্যায়ৰ সমিতিয়ে পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰে সীমান্ত বিবাদমান অঞ্চল । বিশেষ সূত্ৰৰ মতে মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন লিংডো টংখাৰ (Renikton Lyngdoh Tongkhar) আৰু অসমৰ মন্ত্ৰী অতুল বৰাই (Atul Bora) এই দলটোক নেতৃত্ব দিয়ে ।

উল্লেখ্য যে, দুয়োখন চুবুৰীয়া ৰাজ্যৰ ১২ টা অঞ্চলক লৈ বিবাদ অব্যাহত আছে । ইয়াৰে 6টা অঞ্চলৰ ক্ষেত্ৰত সামান্য পাৰ্থক্য আছে আৰু ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি সমস্যা সমাধান কৰাৰ সিদ্ধান্ত লৈছে ।

দলটোৱে মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ হাহিম, আৰাডোঙ্গা, শালবাৰী, মালচাপাৰা, গামেৰিমুৰা, গোহানিমাৰা আৰু গিজাং অঞ্চল পৰিদৰ্শন কৰে । তেওঁলোকে মেঘালয়ৰ জিৰাং আৰু অসমৰ পলাশবাৰী অঞ্চলো পৰিদৰ্শন কৰে । অৱশ্যে সীমান্তৰ আথিয়াবাৰী অঞ্চল ভ্ৰমণত বাধাৰ সন্মুখীন হ'ল দলটো । এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে গাঁওখনলৈ যোৱা পথটোত বৃহৎ শিল আৰু তামোল গছ কাটি বন্ধ কৰি থোৱা আছিল ।

কিন্তু পৰিদৰ্শনলৈ যোৱা দলটোৱে এই সম্পৰ্কত স্থানীয় লোক, সদৌ ৰাভা ছাত্ৰ সন্থা (ARSU), গাৰো ছাত্ৰ সন্থা (GSU),ৰাভা মহিলা পৰিষদ আৰু গাৰো মহিলা পৰিষদৰ দৰে সংগঠনসমূহৰ সৈতে কথা পাতিছে । অসম-মেঘালয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী ৰেনিকটন লিংডো টংখাৰে কয় যে এই পৰিদৰ্শনৰ উদ্দেশ্য হৈছে অঞ্চলসমূহৰ প্ৰকৃত ছবি চোৱা ।

অৱশ্যে এই পৰিদৰ্শনৰ পৰা কোনো সিদ্ধান্ত লোৱা নহয় যদিও সমিতিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত পৰিদৰ্শনৰ প্ৰতিবেদন দাখিল কৰিব । তেওঁ আশা কৰা মতে অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যা সমাধান হ'ব ।

লগতে পঢ়ক :দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.