স্পৰ্টছ ডেস্ক, 15 জুলাই : ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ ৷ চলিত বৰ্ষৰ ছেপ্তেম্বৰ-অক্টোবৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ’ব লগা এছিয়ান গেছমৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলটি ৷ এই দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম কন্যা উমা চেত্ৰীয়ে ৷ 19 সংখ্যক এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান কৰি অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিভাৱান ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ৷
উল্লেখযোগ্য যে, শেহতীয়াকৈ বাংলাদেশ ভ্ৰমণৰ বাবে যোৱা ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলতো স্থান লাভ কৰিছিল উমা চেত্ৰীয়ে ৷ বাংলাদেশত অনুষ্ঠিত হোৱা তিনিখনীয়া টি-20 আৰু সমান সংখ্যক এদিনীয়া এই দুয়োটা শৃংখলাত বেটাৰ আৰু উইকেটকীপাৰ হিচাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উমা চেত্ৰীয়ে ৷
ইফালে উমা চেত্ৰীয়ে হংকংত অনুষ্ঠিত এচিচি উদীয়মান মহিলা এছিয়া কাপ ২০২৩ ত ভাৰতৰ এ দলত অংশগ্ৰহণ কৰিছিল ৷ এই ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে খেলা দুখন খেলতেই উমাই বেটাৰ আৰু উইকেট-কীপাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷
ইয়াৰ পাছতে এইবাৰ পুনৰ উমা চেত্ৰী নিৰ্বাচিত হৈছে এছিয়ান গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা ভাৰতীয় মহিলা ক্ৰিকেট দলত ৷ এছিয়ান গেমছলৈ ঘোষণা কৰা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে ৷ লগতে সহঃঅধিনায়ক হিচাবে থাকিব স্মৃতি মন্ধানা ৷
ভাৰতীয় মহিলা দলটো:
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেট-ৰক্ষক), আমানজৌত কৌৰ, দেৱিকা বৈদ্য, অঞ্জলি সাৰৱানী, তিতাস সাদ্ধু, ৰাজেশ্বৰী গাইকোৱাড, মিন্নু মণি, কণিকা আহুজা, উমা চেত্ৰী (উইকেট-ৰক্ষক), অনুষা বাৰেড্ডী ৷
টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২৩ৰ মহিলা ক্ৰিকেট ইভেণ্টখন 19-28 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ আটাইকেইখন খেল ঝেজিয়াং ইউনিভাৰ্চিটি অৱ টেকন’লজি পিংফেং ক্ৰিকেট ফিল্ডত অনুষ্ঠিত হ’ব ৷ ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতালৈ পুৰুষ-মহিলা উভয় দলকে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে পুৰুষ দলটোও ঘোষণা কৰা হৈছে ৷
লগতে পঢ়ক: PM Modi leaves for UAE: দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি UAE লৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ