ETV Bharat / bharat

Assam CM in Telangana: ওৱেইছিক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা; অসমত হ’বলৈ নিদিয়ে লাভ জেহাদ তথা বহু বিবাহ - অসমত পুনৰ বন্ধ কৰা হ’ব 300 খন মাদ্ৰাছা

তেলেংগানাৰ কৰিমনগৰত আয়োজিত ‘হিন্দু একতা যাত্ৰা’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ লাভ জেহাদ, মাদ্ৰাছা আদি বিষয় সন্দৰ্ভত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM slams Asaduddin Owaisi over madrassas) ৷

Assam CM slams Asaduddin Owaisi over madrassas
হিন্দু একতা যাত্ৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী
author img

By

Published : May 15, 2023, 1:47 PM IST

হিন্দু একতা যাত্ৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, 15 মে’ : দেওবাৰে তেলেংগানাৰ কৰিমনগৰত ‘হিন্দু একতা যাত্ৰা’ শীৰ্ষক এক অনুষ্ঠানত ভাগ লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেলেংগানা ৰাজ্যখনক ৰাম ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সকলোকে ঐক্যৱদ্ধ হ’বলৈ আহ্বান জনায় (Assam CM in Telangana) ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তীব্ৰ আক্ৰমণাত্মক হৈ পৰে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন চমুকৈ AIMIM ৰ সভাপতি আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে ৷ AIMIM মুৰব্বীগৰাকীক তীব্ৰভাৱে কটাক্ষ কৰি ড৹ শৰ্মাই তেওঁৰ চৰকাৰখনে নিজ ৰাজ্যত লাভ জেহাদ বন্ধ কৰাৰ বাবে অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি, মাদ্ৰাছা বন্ধ কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Himanta Biswa Sarma slams Asaduddin Owaisi) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণৰ পিচতে ৰাজ্যত 600 খনকৈ মাদ্ৰাছা বন্ধ কৰি দিয়া হ’ল বুলি উল্লেখ কৰাৰ লগতে পুনৰ অসমৰ 300 খন মাদ্ৰাছা বন্ধ কৰি দিব বুলি সভাত ঘোষণা কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰা হ’ব আৰু বহুবিবাহ বিলুপ্ত কৰা হ’ব বুলিও উল্লেখ কৰে ।

এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতত কিছুমান মানুহে ভাবিছিল যে তেওঁলোকে চাৰিগৰাকী মহিলাক বিয়া কৰাব পাৰে । সেইটো তেওঁলোকৰ চিন্তা আছিল । কিন্তু, মই কওঁ আপোনালোকে চাৰিগৰাকী বিয়া কৰিব নোৱাৰিব । সেই দিনবোৰ শেষ হ'বলৈ গৈ আছে । সেই দিন এতিয়া বহু দূৰৈত নহয় ।" ভাৰতত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আহিব আৰু ভাৰতক সঁচা অৰ্থত ধৰ্মনিৰপেক্ষ জাতি হিচাপে গঢ়ি তোলাৰ সময়ো আহি পৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM on Uniform civil code) ।

আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই 600 খন মাদ্ৰাছা বন্ধ কৰি দিয়াৰ সমান্তৰালভাৱে সেই মাদ্ৰাছাসমূহৰ ঠাইত অধিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপন হোৱাটো বিচাৰে বুলি কয় (Assam Chief Minister Himanta Biswa Sarma) ।

শেহতীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছে মাত্ৰ এখন ৰাজ্যত জয়ী হৈয়ে বৃহৎ সফলতা অৰ্জা যেন দেখুৱাইছে ৷ বিজেপি দলে কেইবাখনো ৰাজ্যত জয়ী হোৱাৰ পিচতো এনেধৰণে উল্লাস প্ৰদৰ্শন কৰা নাছিল ৷ ইয়াৰ লগতে, সম্প্ৰতি বহু চৰ্চিত দ্য কেৰালা ষ্টৰী শীৰ্ষক ছবিখন চাবলৈকে উপস্থিত লোকক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Karnataka election 2023) ৷

লগতে পঢ়ক : Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.