ETV Bharat / bharat

Assam CM slams Congress: কংগ্ৰেছে যেন পূৰ্বোত্তৰ ভাৰত চীনক দি দিলে ! ৰাহুলৰ মেপ দেখি হিমন্ত বিশ্ব শৰ্মাৰ অনুভৱ - Seemed Congress has given Northeast to China

বিৰোধী নেতা ৰাহুল গান্ধীক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উত্তৰ-পূব শূন্য মানচিত্ৰ X যোগে শ্বেয়াৰ কৰাৰ পিচতে বিৰোধী নেতাগৰাকী তথা দলটোৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বিজেপি দল ৷ “উত্তৰ-পূর্বাঞ্চলৰ সমগ্র ভূমি বিক্ৰী কৰিবলৈ" কংগ্ৰেছে যোজা চলাইছে বুলি অভিযোগ তোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Distorted India map issue
শূণ্য মানচিত্ৰ সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By ANI

Published : Sep 17, 2023, 7:50 AM IST

Updated : Sep 17, 2023, 8:43 AM IST

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম X ত বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা এটি পোষ্ট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, কংগ্ৰেছ দলে X যোগে এটা এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী নেতা ৰাহুল গান্ধীৰ সৈতে মিল থকা কাৰ্টুন চৰিত্ৰ উপস্থাপন কৰাৰ লগতে উত্তৰ-পূব শূন্য মানচিত্ৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ।

  • Seems the Congress party has secretly struck a deal to sell the entire land of North East to some neighbouring country. Is this why Rahul went abroad? Or has the party given membership to Sharjeel Imam? pic.twitter.com/oO9fLp86p8

    — Himanta Biswa Sarma (@himantabiswa) September 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উত্তৰ-পূৰ্বাঞ্চল শূন্য ভাৰতৰ এখন মানচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ বাবে কংগ্ৰেছ দলক বিজেপিয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিৰোধী দলটোক আক্ৰমণ কৰি কয়, "দলটোৱে যেন গোপনে কোনোবা চুবুৰীয়া দেশৰ সৈতে চুক্তি কৰিছে ৷" আপাত দৃষ্টিত চীনৰ হাতত “উত্তৰ-পূর্বাঞ্চলৰ সমগ্র ভূমি বিক্ৰী কৰিবলৈ" কংগ্ৰেছে যোজা চলাইছে বুলি অভিযোগ তোলে ৷

X ত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “কংগ্ৰেছ দলে যেন গোপনে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ মাটি কোনোবা চুবুৰীয়া দেশক বিক্ৰী কৰাৰ বাবে চুক্তি কৰিছে ।” উত্তৰ-পূৰ্বাঞ্চলৰ অংশটো 'নিৰুদ্দেশ' বুলি আঙুলিয়াই দি বিজেপি নেতাগৰাকীয়ে কয়, "এই কাৰণেই নেকি ৰাহুল বিদেশলৈ গ’ল ? নে দলে শ্বাৰ্জিল ইমামক সদস্যপদ প্ৰদান কৰিছে ?”

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 2020 চনত দিল্লীত নাগৰিকত্ব সংশোধনী বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হোৱা সংঘৰ্ষৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জেএনইউৰ প্ৰাক্তন ছাত্ৰ ইমাম । ছাত্ৰগৰাকীৰ বিৰুদ্ধে UAPA ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । এই গোচৰত 2020 চনৰ 28 জানুৱাৰীত ইমামক কাৰাবন্দী কৰা হৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মাহত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে ভাৰত-চীন সীমান্ত সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কেন্দ্ৰৰ NDA তথা নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণ কৰি কয়, "চুবুৰীয়া দেশখনে ইতিমধ্যে লাডাখত ভাৰতৰ ভূমি দখল কৰিছে ।"

গান্ধীয়ে কয়, "মই মাত্ৰ লাডাখৰ পৰা উভতি আহিছো আৰু বছৰ বছৰ ধৰি কৈ আহিছো যে প্ৰধানমন্ত্ৰীয়ে যি কৈছে, লাডাখত এক ইঞ্চিও মাটি হেৰাই যোৱা নাই, সেয়া এক গোকাট মিছা । সমগ্ৰ লাডাখে জানে যে চীনে আমাৰ মাটি দখল কৰিছে ।"

লগতে পঢ়ক : CWC Meeting: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ খাৰ্গে; চৰকাৰে বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ

Last Updated : Sep 17, 2023, 8:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.