ETV Bharat / bharat

Assam CM on Israel Hamas war : হামাছক সমৰ্থন কৰাসকলক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ - Assam CM on Israel Hamas war

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰসিদ্ধ বিন্ধ্যাচল ধাম দৰ্শন কৰে । মন্দিৰ দৰ্শনৰ সময়ত তেওঁ বিভিন্ন বিষয়ত মন্তব্য কৰে ।

Assam CM on Israel Hamas war
হামাছক সমৰ্থন কৰাসকলক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:42 PM IST

হামাছক সমৰ্থন কৰাসকলক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ : 'হামাছক সমৰ্থন কৰাসকলক কাৰাগাৰত ৰাখিব লাগে ।' এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰখ্যাত বিন্ধ্যাচল ধামত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ড৹ হিমন্ত বিশ্ব শৰ্মাই হামাছৰ সপক্ষে হোৱা প্ৰতিবাদ সন্দৰ্ভত কয় যে ভাৰত আটাইতকৈ বেছি সন্ত্ৰাসবাদৰ বলি হৈছে । যিসকলে হামাছক সমৰ্থন কৰি আছে তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে । এইটো কৰিলে কোনো লাভ নহয় । তেওঁলোকে দেশৰ লাভালাভ চোৱা উচিত বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিন্ধ্যাচল ধামত উপস্থিত হৈ আশীষ লয় । তেওঁক কেন্দ্ৰীয় মন্ত্ৰী তথা মিৰ্জাপুৰৰ সাংসদ অনুপ্ৰিয়া পেটেলে আদৰণি জনায় । মা বিন্ধ্যাবাসিনীৰ আশীষ গ্ৰহণৰ পাছতে তেওঁ নিৰ্মাণৰত বিন্ধ্যা কৰিডৰ পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁ বহু দিনৰ পৰা বিন্ধ্যাচল ধাম পৰিদৰ্শনৰ পৰিকল্পনা কৰি আছিল । মাৰ আশীষ লৈ তেওঁ সকলোৰে মঙ্গল কামনা কৰে ।

সাংবাদিকৰ সন্মুখত তেওঁ ইজৰাইল আৰু হামাছ যুদ্ধৰ উপৰিও বিভিন্ন বিষয়ত মন্তব্য কৰে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চলি থকা সাম্প্ৰতিক পৰিস্থিতি অনুসৰি ৰাইজে বিজেপিক ভোট দিয়াটো উচিত । ভাৰতক শক্তিশালী কৰাটো সঠিক হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । তেওঁ নিশ্চিত যে দেশৰ জনসাধাৰণ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থাকিব ।

ইজৰাইল আৰু হামাছ যুদ্ধ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই মাত মাতিব লাগে । যিসকলে ৰাজপথত প্ৰতিবাদ কৰি আছে তেওঁলোকক কাৰাগাৰত ৰখা উচিত । ৰাজপথলৈ যোৱাটো তেওঁলোকৰ অধিকাৰ আৰু কাৰাগাৰত ৰখাটো চৰকাৰৰ অধিকাৰ বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Ferry service between India and Sri Lanka : ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.