নিউজ ডেস্ক, 14 নৱেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাদেৱ বেটিং এপ কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক তীব্ৰ আক্ৰমণ কৰে । শৰ্মাই কয় যে ভগৱান মহাদেৱে তেওঁলোকক ক্ষমা নকৰে আৰু প্ৰতিটো পইচাৰ হিচাপ ল’ব ।
ছত্তীশগড়ত কংগ্ৰেছ আৰু নক্সালবাদীৰ মাজত গোপন বুজাবুজি:
এক নিৰ্বাচনী সমাৰোহত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেশ বাঘেল চৰকাৰৰ নক্সালবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে । নক্সালবাদীৰ ভাবুকিৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত বাঘেল চৰকাৰৰ নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰে শৰ্মাই । ভূপেশ বাঘেলে নক্সালবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, কাৰণ কংগ্ৰেছ আৰু নক্সালবাদীৰ মাজত গোপন নেক্সাছ আছে বুলিও তেওঁ কয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে যদি বিজেপি ছত্তীশগড়ত ক্ষমতালৈ আহে তেন্তে ৫ বছৰৰ পাছত নক্সালবাদৰ অন্ত পেলাব ।
-
छत्तीसगढ़ में जिस तरह भ्रष्टाचार फैला हुआ है, कांग्रेसियों की भूख का अनुमान लगाना मुश्किल हो रहा है। pic.twitter.com/JEDHuGhTVJ
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023 " class="align-text-top noRightClick twitterSection" data="
">छत्तीसगढ़ में जिस तरह भ्रष्टाचार फैला हुआ है, कांग्रेसियों की भूख का अनुमान लगाना मुश्किल हो रहा है। pic.twitter.com/JEDHuGhTVJ
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023छत्तीसगढ़ में जिस तरह भ्रष्टाचार फैला हुआ है, कांग्रेसियों की भूख का अनुमान लगाना मुश्किल हो रहा है। pic.twitter.com/JEDHuGhTVJ
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023
ধৰ্মান্তৰকৰণ বৃদ্ধি পাইছে ছত্তীশগড়:
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে জনজাতি প্ৰধান ৰাজ্যখনত ধৰ্মান্তৰকৰণ বৃহৎ পৰিসৰত চলি আছে । ছত্তীশগড়লৈ আহিছে ৰোহিংগীয়া । জনজাতীয় অঞ্চলত সনাতন অনুগামীৰ ধৰ্মান্তৰকৰণ হৈছে যদিও ধৰ্মান্তৰকৰণ বন্ধ কৰিবলৈ ভূপেশ বাঘেলে একো কৰা নাই ।
কিয় এই এপটোৰ নাম মহাদেৱ ?
বিতৰ্কিত জুৱা এপটোক হিন্দু দেৱতাৰ নামেৰে নামকৰণ কৰাত শৰ্মাই তীব্ৰ আপত্তি প্ৰকাশ কৰি কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক এই বিষয়ত আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে এপটোৰ নাম ভূপেশ বা হিমন্ত হ’ব পাৰিলেহেঁতেন কিন্তু এপটোৰ নাম মহাদেৱ । এতিয়া মহাদেৱে তেওঁলোকক ৰেহাই নিদিয়ে আৰু প্ৰতিটো পইচাৰ হিচাপ ল’ব । কোটি কোটি টকাৰ কেলেংকাৰিৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব বুলি সকীয়াই দিয়ে বিজেপি নেতাগৰাকীয়ে ।
-
छत्तीसगढ़ में भाजपा को वोट देने का मतलब है-
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023 " class="align-text-top noRightClick twitterSection" data="
👉 हर विवाहित महिला को ₹12,000
👉 1 लाख युवाओं को नौकरी
👉 हर गरीब को घर
👉 ₹3100 में धान की ख़रीदी
👉 बाबर और अकबर माफिया का बंद होना
📍राजिम विधानसभा @BJP4CGState pic.twitter.com/PWbwUs0ZdC
">छत्तीसगढ़ में भाजपा को वोट देने का मतलब है-
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023
👉 हर विवाहित महिला को ₹12,000
👉 1 लाख युवाओं को नौकरी
👉 हर गरीब को घर
👉 ₹3100 में धान की ख़रीदी
👉 बाबर और अकबर माफिया का बंद होना
📍राजिम विधानसभा @BJP4CGState pic.twitter.com/PWbwUs0ZdCछत्तीसगढ़ में भाजपा को वोट देने का मतलब है-
— Himanta Biswa Sarma (@himantabiswa) November 14, 2023
👉 हर विवाहित महिला को ₹12,000
👉 1 लाख युवाओं को नौकरी
👉 हर गरीब को घर
👉 ₹3100 में धान की ख़रीदी
👉 बाबर और अकबर माफिया का बंद होना
📍राजिम विधानसभा @BJP4CGState pic.twitter.com/PWbwUs0ZdC
বাঘেল আৰু ৰাহুল গান্ধীৰ বাহন পৰীক্ষা কৰিব লাগে :
অৰ্ধসামৰিক বাহিনীৰ যান-বাহন আৰু বয়-বস্তু পৰীক্ষা সন্দৰ্ভত ভূপেশ বাঘেলৰ বক্তব্যকো সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া মহাদেৱ এপ কেলেংকাৰীৰ অভিযুক্ত ভূপেশ বাঘেল আৰু ৰাহুল গান্ধীৰ বাকচৰ তদন্তৰ সময় আহি পৰিছে ৷ শেহতীয়াকৈ ছত্তীশগড় ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে মহাদেৱৰ নামত প্ৰৱঞ্চনা কৰাসকলক ৰেহাই দিয়া নহ’ব ।