নেশ্যনেল ডেস্ক, 4 জুন : আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানে(ARIES) উত্তৰাখণ্ডৰ দেৱাস্থল পৰ্যৱেক্ষণালয়ৰ ভাৰতৰ প্ৰথম (India's 1st liquid-mirror telescope in Uttarakhand) তথা এছিয়াৰ সৰ্ববৃহৎ তৰল দাপোন টেলিস্কোপ (Asia's largest liquid mirror telescope) স্থাপন কৰিছে ৷ এই তৰল-দাপোন টেলিস্কোপটোৱে হিমালয়ৰ 2,450 মিটাৰ উচ্চতাৰ পৰা গ্ৰহাণু, চুপাৰনোভা, মহাকাশৰ আৱৰ্জনা আৰু আন সকলো মহাকাশীয় বস্তুৰ দৰে ক্ষণস্থায়ী আৰু পৰিৱৰ্তনশীল বস্তুবোৰ পৰ্যবেক্ষণ কৰিব । ই বৰ্তমান প্ৰাথমিক পৰ্যায়ত আছে যদিও এই বছৰৰ অক্টোবৰৰ পৰা বৈজ্ঞানিক পৰ্যৱেক্ষণ আৰম্ভ কৰিব।
এই টেলিস্কোপটো এডভান্সড মেকানিকেল এণ্ড অপ্টিকেল চিষ্টেমচ কৰ্পোৰেচন আৰু বেলজিয়ামৰ চেণ্টাৰ স্পেচিয়েল ডি লিজত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছিল । কানাডা আৰু বেলজিয়ামৰ দ্বাৰা যুটীয়াভাৱে টেলিস্কোপ নিৰ্মাণত হোৱা ব্যয়ৰ মূল্য প্ৰদান কৰা হৈছিল ৷ আনহাতে টেলিস্কোপটোৰ কাৰ্যকলাপ আৰু ৰক্ষণাবেক্ষণৰ বাবে ভাৰত দায়বদ্ধ হ'ব । এৰিছৰ সঞ্চালক, অধ্যাপক দীপাংকৰ বেনাৰ্জীয়ে কয় যে এই পদক্ষেপে আই এল এম টি প্ৰকল্পই যুৱ মনৰ প্ৰত্যাহ্বানমূলক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব ।
আই এল এম টি হৈছে প্ৰথম তৰল-দাপোন টেলিস্কোপ যাক কেৱল দেৱাস্থল পৰ্যৱেক্ষণালয়ত স্থাপন কৰা জ্যোতিবৈজ্ঞানিক পৰ্যৱেক্ষণৰ বাবে ডিজাইন কৰা হৈছে ৷ এই প্ৰকল্পটোৱে বৈজ্ঞানিক আৰু অভিযান্ত্ৰিক পৃষ্ঠভূমিৰ লোকসকলক প্ৰত্যাহ্বানমূলক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব বুলি বেনাৰ্জীয়ে এক বিবৃত্তিত কয় ৷
টেলিস্কোপটোৰ নিয়মীয়া সঞ্চালন আৰম্ভ হ'লে আই এল এম টিয়ে প্ৰতি নিশা প্ৰায় 10 জিবি ডাটা প্ৰস্তুত কৰিব, যাক পৰিৱৰ্তনশীল আৰু ক্ষণস্থায়ী নক্ষত্ৰীয় উৎস প্ৰকাশ কৰিবলৈ দ্ৰুতভাৱে বিশ্লেষণ কৰা হ'ব । ২০১৭ বৰ্ষত বেলজিয়াম, কানাডা, পোলেণ্ড আৰু উজবেকিস্তানকে ধৰি ৮ খন দেশৰ সহায় প্ৰায় ৫০ কোটি টকা ব্যয় কৰি আন্তৰ্জাতিক লিকুইড মিৰ'ৰ টেলিস্কোপ প্ৰকল্প আৰম্ভ কৰে । কিন্তু কৰ'ণা মহামাৰীৰ বাবে টেলিস্কোপটোৰ সঞ্চালনত পলম হৈছিল ।
লগতে চাওক : ভাৰতীয় নৌ সেনাত নিচি সম্প্ৰদায়ৰ প্ৰথমগৰাকী চাব-লেফটেনেন্ট