ETV Bharat / bharat

Asian Under-17 wrestling : কৰ্ণাটকৰ কিশোৰৰ স্বৰ্ণ পদক অৰ্জন - Jai Hanumantha School in Mudhola town

কিৰ্গিস্তানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত (Asian Championships in Kyrgyzstan) ৪৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত অংশগ্ৰহণ কৰিছিল নিঙ্গাপ্পা গেন্নানাভাৰাই । তেওঁ ফাইনেলত সোণৰ পদক অৰ্জন কৰি বাগালকোট জিলাৰ নাম ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলে । বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত নিঙ্গাপ্পা গেন্নানাভাৰাই ইৰাণৰ আমিৰ মহম্মদ চালেহক পৰাস্ত কৰে ৷

Asian Under-17 wrestling
Asian Under-17 wrestling
author img

By

Published : Jun 25, 2022, 8:14 PM IST

স্পৰ্টছ ডেস্ক, ২৫ জুন : কিৰ্গিস্তানত অনুষ্ঠিত হৈ আছে ১৭ অনূৰ্ধ্ব এছিয়ান মল্লযুঁজ প্ৰতিযোগিতা (Asian Under-17 wrestling Championships) । উক্ত প্ৰতিযোগিতা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে কৰ্ণাটকৰ এগৰাকী যুৱ মল্লযুঁজাৰুৱে । কৰ্ণাটকৰ বাগালাকোটৰ কিশোৰজনে এছিয়ান অনূৰ্ধ্ব-১৭ মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিছে । নিঙ্গাপ্পা গেন্নানাভাৰা নামৰ প্ৰতিশ্ৰুতিৱান মল্লযোদ্ধাগৰাকীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ খ্যাতি কঢ়িয়াই আনিছে (Ningappa Gennanavara won gold medal) ।

নিঙ্গাপ্পা গেন্নানাভাৰা
নিঙ্গাপ্পা গেন্নানাভাৰা

উল্লেখ্য, কিৰ্গিস্তানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত (Asian Championships in Kyrgyzstan) ৪৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত অংশগ্ৰহণ কৰিছিল নিঙ্গাপ্পা গেন্নানাভাৰাই । তেওঁ ফাইনেলত সোণৰ পদক অৰ্জন কৰি বাগালকোট জিলাৰ নাম ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলে । বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত নিঙ্গাপ্পা গেন্নানাভাৰাই ইৰাণৰ আমিৰ মহম্মদ চালেহক পৰাস্ত কৰে ।

নিঙ্গাপ্পা গেন্নানাভাৰাক সম্বৰ্ধনা
নিঙ্গাপ্পা গেন্নানাভাৰাক সম্বৰ্ধনা

নিঙ্গাপ্পা গেন্নানাভাৰাই এছিয়ান অনূৰ্ধ্ব-১৭ চেম্পিয়নশ্বিপত ৪৫ কিলোগ্ৰাম শাখাৰ মল্লযুঁজত স্বৰ্ণ পদক জয় কৰে । তেওঁৰ পদক জয়ত আনন্দিত গাঁও তথা জিলাবাসী । স্থানীয় লোকসকলে তেওঁক অভিনন্দন জনোৱাৰ সময়ত তেওঁ ভৱিষ্যতে যাতে অধিক ভাল খেলি দেশৰ নাম উজলাব পাৰে সেই আশা ব্যক্ত কৰে । উল্লেখ্য, নিঙ্গাপ্পাই মুধোলা চহৰৰ জয় হনুমন্ত বিদ্যালয়ৰ মল্লযোদ্ধাৰ অধীনত প্ৰশিক্ষণ লৈ আছে (Jai Hanumantha School in Mudhola town)।

এটা অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা নিংগাপ্পাৰ পিতৃ-মাতৃ দুয়ো শ্ৰমিক । ইফালে তেওঁৰ এই সাফল্যত সন্তোষ প্ৰকাশ কৰিছে তেওঁৰ সমষ্টিৰ বিধায়কগৰাকীয়ে । মুধোলা সমষ্টিৰ বিধায়ক গোবিন্দ কাৰাজোলাকে ধৰি মন্ত্ৰীসকলে তেওঁক এই সাফল্যৰ বাবে অভিনন্দন জনাইছে ।

লগতে পঢ়ক :Archery World Cup 2022 : অভিষেক-জ্যোতি যুটিৰ সোণৰ পদক লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.