ETV Bharat / bharat

ED arrests Ashok Kumar: মন্ত্ৰী চেন্থিলবালাজীৰ ভাতৃ অশোক কুমাৰক গ্ৰেপ্তাৰ - money laundering case against Ashok Kumar

ধন আত্মসাৎ গোচৰত কাৰাগাৰত থকা তামিলনাডুৰ মন্ত্ৰী চেন্থিলবালাজীৰ ভাতৃ অশোক কুমাৰক গ্ৰেপ্তাৰ । কোচিত ইডিয়ে গ্ৰেপ্তাৰ কৰে কুমাৰক । পূৰ্বে তেওঁৰ বিৰুদ্ধে বহুবাৰ ইডিয়ে চমন জাৰি কৰিছিল ।

ED arrests Ashok Kumar
মন্ত্ৰী চেন্থিলবালাজীৰ ভাতৃ অশোক কুমাৰক গ্ৰেপ্তাৰ
author img

By

Published : Aug 13, 2023, 5:26 PM IST

নেশ্যনেল ডেস্ক,১৩ আগষ্ট : তামিলনাডুৰ মন্ত্ৰী ভি চেন্থিলবালাজীৰ ভাতৃ অশোক কুমাৰক ইডিয়ে কোচিত গ্ৰেপ্তাৰ কৰে । অৱশ্যে তেওঁক ক'ত জেৰা চলোৱা হ'ব সেয়া সন্দেহৰ আৱৰ্তত আছে । তেওঁ চেন্নাইলৈ যাবলগীয়া আছিল যদিও বিমান যাত্ৰীৰ তালিকাত তেওঁৰ নাম নাছিল । তেতিয়াই এই তথ্য পোহৰলৈ আহিছে । তেওঁক কোচিতে সোধা-পোছা কৰা হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে । সম্ভৱত পৰৱৰ্তী সময়তে তেওঁক চেন্নাইলৈ স্থানান্তৰ কৰা হ'ব পাৰে ।

ইডিয়ে দেওবাৰে অশোক কুমাৰক ধন আত্মসাৎ গোচৰতে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে ইডিয়ে তেওঁৰ বিৰুদ্ধে কেইবাবাৰো চমন জাৰি কৰিছিল । কিন্তু অশোক কুমাৰে সেই চমন অস্বীকাৰ কৰিছিল । যাৰ বাবে অৱশেষত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে ।

ইডিৰ যিটো দলে মন্ত্ৰী বালাজীৰ বিৰুদ্ধে তদন্ত কৰি আছে সেই একেটা দলে ভাতৃকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে । কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে চেন্থিলবালাজীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ এদিন পাছতে ভাতৃকো গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে তদন্তকাৰী সংস্থাটোৱে ডিএমকে বিধায়কগৰাকীৰ বিৰুদ্ধে ধন আত্মসাৎ গোচৰত ৩০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে ।

যোৱা ১০ আগষ্টত ডিএমকেৰ মন্ত্ৰী চেন্থিলবালাজী আৰু তেওঁৰ আত্মীয়ই অধিগ্ৰহণ কৰা সম্পত্তিৰ বিতং তদন্ত আৰু কেইবাটাও পৰ্যায়ৰ অভিযানৰ পাচত ইডিয়ে অশোকৰ পত্নী নিৰ্মলাৰ এটা সম্পত্তি জব্দ কৰিছিল ।

চেন্থিলবালাজীক পূৰ্বৰ এআইএডিএমকে শাসনকালত পৰিবহন মন্ত্ৰী হৈ থাকোতে চেন্নাইৰ কেন্দ্ৰীয় অপৰাধ শাখা আৰক্ষীয়ে পঞ্জীয়ন কৰা নিযুক্তিৰ গোচৰৰ নগদ ধনৰ ওপৰত ভিত্তি কৰি ইডিয়ে আৰম্ভ কৰা ধন আত্মসাৎ গোচৰত ১৪ জুনত গ্ৰেপ্তাৰ কৰিছিল ।

শনিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা ৫ দিনৰ সোধা-পোছাৰ অন্তত চেন্থিলবালাজীক ২৬ আগষ্টলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । যোৱা ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে চেন্থিল বালাজীৰ মুক্তিৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে । ডিএমকে নেতাজনক সম্প্ৰতি পুঝাল কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে ।

লগতে পঢ়ক :NIA raid against PFI: পিএফআইৰ প্ৰাক্তন কৰ্মীৰ বাসগৃহত NIAৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.