ETV Bharat / bharat

ধৰ্ষণকাৰী আশাৰাম বাপু অসুস্থ - Asaram Bapu admitted to Jodhpur hospital after complaining of chest pain

হঠাৎ অসুস্থ হৈ পৰা আশাৰাম বাপুক যোধপুৰৰ মহাত্মা গান্ধী চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল । পৰৱৰ্তী সময়ত মথুৰা দাস মথুৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আশাৰামক ।

ধৰ্ষণকাৰী আশাৰাম বাপু অসুস্থ
ধৰ্ষণকাৰী আশাৰাম বাপু অসুস্থ
author img

By

Published : Feb 17, 2021, 3:39 PM IST

নিউজ ডেস্ক,১৭ ফেব্ৰুৱাৰী: বুকুৰ বিষ, অস্থিৰতা, আঁঠুৰ বিষ আদি বিভিন্ন ৰোগত আক্ৰান্ত আশাৰাম বাপুক যোধপুৰৰ মহাত্মা গান্ধী চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰোৱা হয় । উল্লেখ যে তেওঁ কিশোৰী ধৰ্ষণৰ গোচৰত যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে । আশাৰামক যোধপুৰৰ মহাত্মা গান্ধী চিকিৎসালয়ৰ পৰা মথুৰা দাস মথুৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । এজন হৃদৰোগ বিশেষজ্ঞই তেওঁৰ চিকিৎসা চলাই আছে । হাস্পতালৰ অধীক্ষক ড০ এম কে আছেৰীয়ে জনোৱা মতে বুকুৰ বিষ বুলি কোৱাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল । ইচিজিত সামান্য পৰিৱৰ্তন পৰিলক্ষিত হৈছে যদিও তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি অধীক্ষক গৰাকীয়ে উল্লেখ কৰিছে ।

উল্লেখ যে আশাৰাম বাপুক ২০১৩ চনৰ ১৫ আগষ্টৰ নিশা যোধপুৰৰ ওচৰৰ মনাই অঞ্চলত তেওঁৰ আশ্ৰমত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক: দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১১,৬১০ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.