ETV Bharat / bharat

Kejriwal in Vipassana meditation: ধ্যানত বহিব কেজৰিৱাল, ছিছোডিয়াই চলাব চৰকাৰ

author img

By

Published : Dec 24, 2022, 3:59 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১ জানুৱাৰীৰ পূৰ্বে আৰু কোনেও দেখা নাপাব । সেয়ে চৰকাৰৰ শাসনভাৰ চম্ভালিব উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই । অৰবিন্দ কেজৰিৱালে শনিবাৰৰ পৰা এসপ্তাহৰ বাবে বিপাসনা ধ্য়ানলৈ গৈছে । অৱশ্যে তেওঁ এই সাধনাৰ বাবে ক'লৈ গৈছে সেয়া কোনেও নাজানে (Kejriwal went for Vipassana meditation) ।

Kejriwal
Kejriwal

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : বৰ্তমান নিৰ্বাচনী উত্তেজনা শাম কটাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শনিবাৰৰ পৰা এসপ্তাহৰ বাবে বিপাসনা সাধনালৈ গৈছে (Delhi CM Arvind Kejriwal) । তেওঁ ১ জানুৱাৰীত উক্ত ধ্যান সাধনাৰ পিছতহে দিল্লীলৈ উভতি আহিব । উল্লেখ্য, সাধাৰণতে অৰবিন্দ কেজৰিৱাল বিপাসনা সাধনাৰ বাবে হিমাচল, বেংগালুৰু আৰু মহাৰাষ্ট্ৰৰ কোনো এক স্থানলৈ যায় । কিন্তু তেওঁ এইবাৰ ক'লৈ গৈছে সেয়া কোনেও জানিব পৰা নাই (Kejriwal went for Vipassana meditation) ।

ধ্যানলৈ যোৱাৰ কথা টুইটযোগে জনালে কেজৰিৱালে

বিপাসনা সাধনাৰ নিয়ম অনুসৰি, অৰবিন্দ কেজৰিৱালে শনিবাৰৰ পৰা আগন্তুক সাত দিনৰ বাবে কাৰো সৈতে যোগাযোগ নকৰে ((Kejriwal in Vipassana meditation for 7 days) । তেওঁৰ অনুপস্থিতিত উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালিব (Manish sisodia took charge of Delhi CM) । উল্লেখ্য, বিপাসনা সাধনাত প্ৰায় সাত দিন একেৰাহে বহি ধ্যান কৰিব লাগে । এই সময়চোৱাত নীৰৱতা, বেছি কথা নোকোৱা, বাহ্যিক জগতৰ সৈতে কোনো সম্পৰ্ক নথকাৰ দৰে কঠোৰ নিয়ম অনুসৰণ কৰিব লাগিব । ইয়াৰ পূৰ্বে ২০২১ চনৰ আগষ্ট মাহত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিপাসনা সাধনাৰ বাবে জয়পুৰলৈ গৈছিল ।

টুইট কৰি জনালে অৰবিন্দ কেজৰিৱালে

"আজি মই বিপাসনা সাধনালৈ গৈ আছোঁ । মই বছৰত এবাৰ যাবলৈ চেষ্টা কৰোঁ । মই ১ জানুৱাৰীত ঘূৰি আহিম । কেইবাশ বছৰ আগতে ভগৱান বুদ্ধই এই জ্ঞান শিকাইছিল । আপুনি এইটো কৰিছে নেকি ? যদি কৰা নাই, এবাৰ কৰক । বহুতো মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক লাভালাভ আছে । সকলোৰে মংগল কামনা কৰিলোঁ (Arvind Kejriwal twitted) । সকলোৰে বাবে শুভকামনা !"

বিপাসনা ধ্যান কি ?

বৰ্তমান এক তীব্ৰ চাপপূৰ্ণ জীৱনত, মানুহে পুৱাৰ পৰা নিশালৈকে ব্যস্ত থাকে । এনে পৰিস্থিতিত তেওঁলোকে যথেষ্ট শাৰীৰিক আৰু মানসিক ভাগৰৰ সন্মুখীন হ'বলগীয় হয় । যাৰ ফলত মানুহ ইমানে ভাগি ভাগৰি পৰে যে তেওঁলোকৰ এনে এখন ঠাইলৈ যাবলৈ মন যায়, য'ত পৃথিৱীৰ সৈতে কোনো সম্পৰ্ক নাই আৰু প্ৰাত্যহিক দৌৰৰ পৰা কিছুদিন শান্তিপূৰ্ণভাৱে কটায় । যিসকলে এনেদৰে ভাবে, বিপাসনা ধ্যানে এক নতুন শক্তি প্ৰদান কৰাৰ কাম কৰে । অৱশ্যে আমাৰ দেশত ইতিমধ্যে ধ্যানৰ বিভিন্ন পদ্ধতি আছে, যাক মানুহে তেওঁলোকৰ ইচ্ছা অনুসৰি গ্ৰহণ আৰু অনুসৰণ কৰে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিপাসনাৰ পৰা লাভান্বিত হৈছে । এইকথা তেওঁ পূৰ্বতেও কৈ গৈছে ।

লগতে পঢ়ক :Assam Assembly Winter Session: বিধানসভাৰ চৌহদত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.