নিউজ ডেস্ক, ৩১ মে' : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১ আৰু ২ জুনত তামিলনাডু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ক্ৰমে এম কে ষ্টালিন আৰু হেমন্ত চোৰেনক সাক্ষাৎ কৰিব (Arvind Kejriwal to meet MK Stalin) । তেওঁ দিল্লীত প্ৰশাসনিক সেৱাৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই জাৰি কৰা অধ্যাদেশৰ বিৰুদ্ধে দুয়োগৰাকী মুখ্যমন্ত্ৰী পৰা সমৰ্থন বিচাৰিব । উল্লেখ্য যে কেজৰিৱালে অধ্যাদেশখনৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ পৰা সমৰ্থন বিচাৰি যোৱা ২৩ মে'ত দেশজুৰি ভ্ৰমণ আৰম্ভ কৰিছে (Arvind Kejriwal to meet Hemant Soren) ।
টুইটাৰযোগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয়, "কেন্দ্ৰৰ অসাংবিধানিক-অগণতান্ত্ৰিক 'দিল্লী বিৰোধী' অধ্যাদেশৰ বিৰুদ্ধে ডিএমকেৰ সমৰ্থন বিচাৰি কাইলৈ (১ জুন) চেন্নাইত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সাক্ষাৎ কৰিম ।" তেওঁ পৰৱৰ্তী টুইটত কয়, "২ জুনত মই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনজীক ৰাঁচীত সাক্ষাৎ কৰিম । দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে মোদী চৰকাৰে গৃহীত কৰা অধ্যাদেশৰ বিৰুদ্ধে তেওঁলোকৰ সমৰ্থন বিচাৰিম (National Capital Territory of Delhi Act 1991) ।"
উল্লেখ্য যে আম আদমি পাৰ্টীৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়কজনে ইতিমধ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) শীৰ্ষ নেতা শৰদ পাৱাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক সাক্ষাৎ কৰিছে । কেন্দ্ৰীয় চৰকাৰে ১৯ মে'ত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (Government of National Capital Territory of Delhi) বাবে 'বদলিকৰণ পোষ্টিং, ভিজিলেন্স আৰু অন্যান্য আনুসংগিক বিষয়' সম্পৰ্কে নিয়মাৱলীৰ জাননী দিবলৈ এক অধ্যাদেশ জাৰি কৰে ।
এই অধ্যাদেশখন দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আইন, ১৯৯১ সংশোধন কৰিবলৈ অনা হৈছে । কিন্তু এই অধ্যাদেশে কেন্দ্ৰ বনাম দিল্লী চৰকাৰৰ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাখ্যান কৰে (Centre's Delhi ordinance) ।
উল্লেখ্য যে মঙলবাৰে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশক গৰিহণা দিয়ে (Sitaram Yechury condemned Centres ordinance) । লগতে সংসদত এই অধ্যাদেশৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত আপক তেওঁৰ দলে সমৰ্থনৰ্থ আগবঢ়াব বুলি কয় (CPIM supports AAP on Delhi Ordinance issue) ।
তেওঁ লগতে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহক এই বিষয়টোত আম আদমি পাৰ্টীক সমৰ্থন জনাবলৈ আহ্বান জনাই কয় যে দিল্লীত প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত অধ্যাদেশ জাৰি কৰাটো সংবিধানৰ নিৰ্লজ্জৰ্ল উলংঘন (Yechury asks Congress to support Kejriwal) । আনহাতে, যিকোনো অনা বিজেপি দলৰ চৰকাৰৰ সৈতে এনে হ'ব পাৰে বুলিও তেওঁ উনুকিয়াই দিয়ে । উল্লেখ্য, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে এই বিষয়টোত বাঁওপন্থী দলৰ সমৰ্থন বিচাৰি চিপিআই(এম)ৰ কাৰ্যালয়ত য়েছুৰীক সাক্ষাতৰ পিছত এই কথা কয় (AAP convenor Arvind Kejriwal on central ordinance) ।
লগতে পঢ়ক :Delhi Ordinance Row : আপক সমৰ্থন চিপিআইএমৰ; কংগ্ৰেছৰ সমৰ্থন আহ্বান য়েছুৰীৰ