তেজপুৰ, 9 অক্টোবৰ: খেলাপ, ফালাপ আৰু ফেলাপ এই তিনিপ্ৰকাৰৰ চাহ অৰুণাচল প্ৰদেশৰ চিংফৌ, নক্টে আৰু টাংছাই এই তিনিটা জনগোষ্ঠীৰ ক্ষেত্ৰত জনাজাত ৷ অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ বাঁহৰ চুঙাত তৈয়াৰ কৰা তথা একমাত্ৰ চিংফৌসকলে ব্যৱহাৰ কৰা ফালাপৰ নাম জি আইৰ জাৰ্নেলত প্ৰকাশ পাইছে ৷ জি আইৰ জাৰ্নেলত প্ৰকাশ হোৱা অৰুণাচল প্ৰদেশৰ কেবাবিধো সামগ্ৰীৰ ভিতৰত তিনিবিধ সমগ্ৰী ইতিমধ্যে ভৌগলিক সংকেতৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ।
যিহেতু ই এক পৌৰাণিক প্ৰথা আৰু আজিও চলি আহিছে, সেয়েহে এই চাহ প্ৰস্তুত কৰা পদ্ধতিৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ বিশেষত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰুণাচল প্ৰদেশৰ তিনিটা জনগোষ্ঠীৰ নক্টে, চিংফৌ আৰু টাংছা জনগোষ্ঠীৰ লোকে জি আইৰ অন্তৰ্ভুক্ত কৰাৰ বাবে ২০২২ চনৰ ২ আগষ্ট মাহত আবেদন কৰিছিল যদিও পৰৱৰ্তী সময়ত চিংফৌসকলে সুকীয়াকৈ আবেদন কৰে ৷
ইয়াৰ ঠিক এবছৰ পিছত জি আইৰ জাৰ্নেলত অন্তৰ্ভুক্ত হ’বলগীয়া আটাইকেইটা সম্পদ উল্লেখ কৰি একমাত্ৰ চিংফৌ জনগোষ্ঠীৰ আৱেদনৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ চিংফৌ (চিংফৌ ফলাপ) চাহ বুলি প্ৰকাশ কৰিছে, অৰ্থাৎ অতি সোনকালে জি আইৰ লিষ্টত অন্তৰ্ভুক্ত হ’ব যদিহে আগন্তুক তিনিমাহৰ ভিতৰত অন্য জনগোষ্ঠীৰ লোকে অভিযোগ উত্থাপিত নকৰে । ইতিমধ্যে নক্টেসকলে কোনো আপত্তি নাই বুলি জানিবলৈ দিছে ।
অৰুণাচল প্ৰদেশৰ থলুৱা খেলাপ/ ফলাপ চাহ জি আই টেগৰ বাবে আবেদন কৰিছিল টিৰাপ জিলাৰ খোন্সাৰ এটা বেচৰকাৰী সংস্থা “সেৱা সমিতি’য়ে ৷ দশক পুৰণি খিলঞ্জীয়া বাঁহৰ চুঙাত তৈয়াৰ কৰা চাহ হোৱাৰ বাবেই এই চাহৰ জি আই টেগৰ বাবে আবেদন কৰা হয় ৷
কি এই ফলাপ, ফেলেপ বা খলাপ চাহ ?
অৰুণাচল প্ৰদেশত প্ৰচলিত থলুৱা ভাৰতীয় চাহ প্ৰথাৰ ভিতৰত ই অন্যতম ৷ পূৰ্বতে হাতীৰ পিঠিত উঠি বনৰীয়া গছৰ পাত ছিঙি সেইসমূহ ডাঙৰ বাঁহৰ চুঙাত ভৰাই ৰাখি ভাপত তৈয়াৰ কাৰ চাহ ৷ যিটো প্ৰায় চাৰি বছৰৰ পাছতো ব্যৱহাৰৰ উপযোগী হৈ থাকে ৷ সেয়াই হৈছে ফালাপ, ফেলেপ অথবা খলাপ চাহ । ‘সেৱা সমিতি’ৰ সচিব উইফিয়াক লৱাংচাই জি আই পঞ্জীয়নৰ বাবে আবেদন জনায় ৷
যোৱা ২ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ জি আই কাৰ্যালয়ত এই বিষয়ে আবেদন গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে এই বিষয়ে ২৫ বছৰ পূৰ্বে কাম আৰম্ভ কৰা সংস্থা ‘সেৱা সমিতি’ৰ প্ৰতিষ্ঠাপক সভাপতি ৱাংমাম লৱাংচাই ইটিভি ভাৰতক জনায় যে বিগত বহুযুগ ধৰি বনৰীয়া জোপোহা চাহগছৰ প্ৰস্তুত কৰা চাহ অৰুণাচল প্ৰদেশ আৰু অসমৰ পাহাৰ অঞ্চলত বিভিন্ন জনগোষ্ঠীয়ে সেৱন কৰি আহিছে ৷ বিশেষকৈ চিংফৌসকলে অৰুণাচল প্ৰদেশ আৰু অসমত যুগ যুগ ধৰি ব্যৱহাৰ কৰা এই বনৰীয়া জোপোহা চাহ গছবোৰ ১০ ফুটতকৈও অধিক ওখ হয় ৷ এই চাহগছবোৰ বনৰীয়া বাবে কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ব্যৱহাৰ কৰা নহয় আৰু যথেষ্ট ওখ হোৱাৰ বাবে চিংফৌ সম্প্ৰদায়ৰ লোকসকলে পাত ছিঙিবলৈ হাতী ব্যৱহাৰ কৰিছিল ৷
পাত ছিঙি লোৱাৰ পাছত পৰম্পৰাগত চিংফৌ পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ কৰা হয়, যিটো হৈছে বিশ্বৰ ভিতৰতে এক অনন্য প্ৰক্ৰিয়া ৷ এই চাহ পাতসমূহ প্ৰথমে ডাঠ বাঁহৰ চুঙাত ভৰাই লোৱা হয় । ইয়াৰ পাছত চাহ পাতখিনি সংৰক্ষণৰ বাবে গাঁতত জুই জ্বলাই ওপৰত চাহ পাতভৰ্তি ডালবোৰত ধোঁৱা দিয়া হয় । ৪ বছৰলৈকে সংৰক্ষণ কৰা এই চাহ চিংফৌ ফলাপ চাহ নামেৰে খ্যাত । আনহাতে এই চাহ এশ বছৰতকৈও অধিক সময়লৈকে সংৰক্ষণ কৰিব পাৰি, কাৰণ ই পুৰণি সুৰাৰ দৰেই সময়ৰ লগে লগে ভাল আৰু সতেজ হৈ পৰে ।
ৱাংমাম লৱাংচাই কয় যে ৰাজ্য চৰকাৰে চাহ খেতি, বিশেষকৈ এই থলুৱা জৈৱিক চাহৰ প্ৰতি আজিও গুৰুত্ব আৰোপ নকৰিলে ৷ টিৰাপ জিলাৰ খোনোছাত মুঠ 200 একৰ ভূমিত বৰ্তমান টাংচা সম্প্ৰদায়ৰ লোকসকলে সংৰক্ষণ কৰা চাহ খেতিৰ বাবে তেওঁলোকে জি আই টেগ বিচাৰিছিল । তেওঁ লগতে কয় যে এই প্ৰক্ৰিয়া এতিয়া জৈৱিক চাহ বনোৱাৰ বাবে প্ৰয়োগ কৰা হৈছে ৷ ই অতি সুস্বাদু । অতি ধোঁৱাময় চাহ পৰম্পৰাগতভাৱে পাচন আৰু মানসিক স্বাস্থ্যৰ বাবে চিংফৌসকলে ব্যৱহাৰ কৰি আহিছে । ইয়াক অন্য চাহৰ দৰে আন বিভিন্ন নামেৰেও জনা যায় ।
প্ৰস্তুত পদ্ধতি অনুসৰি ইয়াক বাঁহৰ চুঙাৰ চাহ আৰু ধোঁৱা দিয়া দুই প্ৰকাৰৰ পোৱা যায় ৷ চিংফৌসকলে কেঁচা চাহ পাতবোৰ ৰ'দত শুকুৱাই তাৰ পাছত বাঁহৰ চুঙাত ভৰাই জুইত কেইবা সপ্তাহ ধৰি ধোঁৱা দি এক নিৰ্দিষ্ট সময়লৈকে ৰাখে ৷ তাৰ পাছত বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰি, চুঙাৰ পৰা কাটি লোৱা সৰু সৰু অংশ আৰু এটা সুন্দৰ সোণালী কমলা ৰঙৰ পানীয়লৈ পৰিৱৰ্তন কৰা হয় ।
চিংফৌ ফালাপ চাহ: ফালাপ হৈছে চিংফৌসকলে উৎপাদন কৰি সেৱন কৰা এবিধ থলুৱা চাহ ৷ ই এবিধ পৰম্পৰাগতভাৱে ঘৰতে বনোৱা চাহ ৷ চাহ পাতবোৰ সংগ্ৰহ কৰি ৰ'দত শুকুৱাই বা কেৰাহীত গৰম কৰি লোৱা হয় । প্ৰথমে চাহ সেৱনকাৰীসকলৰ ভিতৰত চিংফৌ জনজাতি ভাৰতৰ ভিতৰতে খ্যাত ৷ বৰ্তমান তেওঁলোকে গ্ৰীণ টিও প্ৰস্তুত কৰে বুলি জানিবলৈ দিয়ে ৷ অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু খুনুসাত পাহাৰীয়া এঢলীয়া ঠাইত এই চাহখেতি যথেষ্ট পৰিমাণে হয় । তেওঁলোকে পূৰ্বৰ এই পৌৰাণিক চাহ তৈয়াৰ কৰা প্ৰণালীৰ বিষয়ে চৰকাৰক অৱগত কৰে ।
তেওঁলোকে আবেদন কৰিছিল যে অঞ্চলটোৰ সাংস্কৃতিক পৰিৱেশত শক্তিশালী ভিত্তি থকা চাহ সংস্কৃতি এটা সময়ত হেৰাই ইতিহাস হ’ব, যদিহে প্ৰণালীবদ্ধ ব্যৱস্থা গ্ৰহণ কৰা নহয় । উল্লেখ্য যে, চিংফৌ জনগোষ্ঠীসকলে চাহ খোৱাত অভ্যস্ত হৈছিল চিংফৌ ৰজা বিচাগামৰ চাহ গছ আৱিষ্কাৰৰ পিছৰে পৰা । চিংফৌসকলে দীৰ্ঘদিনৰ পৰা ফালাপ সেৱন কৰি আহিছে ৷
স্মৃতিসৌধ আৰু উজনী অসমৰ চিংফৌ বসতি অঞ্চলত চাহ আৱিষ্কাৰ হোৱাৰ পাছত অতি সোনকালে ইয়াৰ খেতিৰ বাবে ব্ৰিটিছে নিংগ্ৰুলা আৰু অন্যান্য মুখীয়ালসকলক আৰ্থিক সাহায্য দিছিল ।
চিংফৌ জনজাতি: চিংফৌসকল আটাইতকৈ শক্তিশালী জনগোষ্ঠী আৰু তেওঁলোকৰ কেইবাটাও প্ৰজন্মৰ লোকে এই চাহ খেতি কৰি আহিছে । বৰ্তমান তেওঁলোকে মূলতঃ উজনি অসমত বিস্তাৰ হৈ বিশেষকৈ তিনিচুকীয়া জিলা আৰু তাকৰীয়া জনসংখ্যা থকা শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু অসমৰ কাৰ্বি আংলং জিলা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাত পোৱা যায় ।
অৰুণাচল প্ৰদেশত বাঁহৰ চাহ : পৰম্পৰাগতভাৱে, পূৰ্বতে চিংফৌসকলে গভীৰ অৰণ্যত বাস কৰিছিল আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু জীৱিকাৰ বাবে কৃষিজাত চাহ খেতি চিংফৌ সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে ৷ উন্নত মানদণ্ডৰ প্ৰাকৃতিকভাৱে সুগন্ধিযুক্ত চাহৰ খেতি এতিয়া অৰুণাচল প্ৰদেশ আৰু অসমৰ বহু জনজাতীয় গোটে কৰে । এই প্ৰাকৃতিক সুগন্ধি চাহ উদ্ভিদ উৎপাদিত হয় যিবোৰ প্ৰাকৃতিকভাৱে পোৱা গৈছিল ৷ চাহ গছবোৰ তেতিয়াৰ লখিমপুৰ খণ্ডত (বৰ্তমান তিনিচুকীয়াত) দেখা গৈছিল । চাংলাং জিলাৰ টাংছা জনগোষ্ঠীৰ ফলাপ-চাহ গতানুগতিক ক’লা-চাহৰ দৰে বনালে সোণালী-ব্ৰ’ভন চাহৰ ৰূপ লয় । লংটম-টাংছা হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ কিছুমান সৰু সৰু অঞ্চলত বেছিভাগেই বাস কৰা লোকৰ এটা সম্প্ৰদায় ।
বৰ্তমান তেওঁলোকে এই জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি আহিছে ৷ কোনোধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা এই লোকসকলে গোটেই দিনটো ভাল পৰিমাণে তিতা চাহ সেৱন কৰাৰ অভ্যাস আছে । অৰুণাচল প্ৰদেশৰ পাটকাই পাহাৰীয়া ৰেঞ্জ সম্প্ৰসাৰণ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অসমৰ তিনিচুকীয়া জিলাৰ পাহাৰীয়া অঞ্চলত বেছিভাগেই টাংছাসকলৰ বসবাসৰ স্থান । এই খলাপ/ ফালাপ /ফেলেপ তিনিটা জনগোষ্ঠীৰ নক্টে, চিংফৌ আৰু টাংছাই তিনিটা নামেৰে জি আই ৰ সন্নিবিষ্টৰ বাবে বিচাৰিছিল ৷ শেষত চিংফৌসকলে বেলেগে বিচৰাত জি আইৰ জাৰ্নেলত এই ল'গ প্ৰকাশ পাইছে ।
লগতে পঢ়ক: Arunachal Pradesh GI Tag: অৰুণাচলৰ য়াক চুৰ্পি, খামতি চাউল আৰু টাংচা বস্ত্ৰই পালে জি আই টেগ