ETV Bharat / bharat

Arunachal avalanche: হিমস্খলনত নিহত জোৱানৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা - হিমস্খলনত নিহত জোৱানৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা

অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ৬ ফেব্ৰুৱাৰীত কৰ্মৰত অৱস্থাত সাতজন ভাৰতীয় সেনা জোৱানৰ হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷ ভূপৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত আৱদ্ধ(High Altitude area of Kameng Sector in Arunachal Pradesh) হৈ পৰা ভাৰতীয় সেনাৰ দলটোৰ সন্ধানত অব্যাহত ৰাখি মঙলবাৰে জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

Arunachal announces 4 lakh ex-gratia for kin of Army men killed in avalanche
হিমস্খলনত নিহত জোৱানৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা
author img

By

Published : Feb 9, 2022, 10:03 AM IST

Updated : Feb 9, 2022, 10:28 AM IST

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেঙত হিমস্খলনত মৃত্যু হোৱা সাতজন ভাৰতীয় সেনাৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে(Arunachal CM Pema Khandu) ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ (চি এম আৰ এফ) পৰা প্ৰতিজনৰ বাবে ৪ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত কৰ্মৰত অৱস্থাত সাতজন ভাৰতীয় সেনা হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷ ভূপৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ দলটোৰ সন্ধানত সোমবাৰৰ পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান (High Altitude area of Kameng Sector in Arunachal Pradesh) ৷

  • Chief Minister @PemaKhanduBJP has announced an ex-gratia of ₹4 lakhs each from the Chief Minister’s Relief Fund (CMRF), for the next of kin of 7 brave soldiers who lost their lives serving the Nation in an avalanche in the Kameng sector.@adgpi

    — CMO Arunachal (@ArunachalCMO) February 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ তিনিজনীয়া উন্নত প্ৰযুক্তিৰ কাৰিকৰী দলো সাজু কৰি ৰখা হৈছিল ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে এয়াৰ লিফ্ট কৰিব পৰা হোৱা নাছিল । ইয়াৰ মাজতেই মঙলবাৰে নিৰুদ্দিষ্ট ভাৰতীয় সেনা জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল ৷

লগতে পঢ়ক : Arunachal avalanche: হিমস্খলনত মৃত্যু হোৱা ভাৰতীয় সেনাৰ 7 জোৱানৰ মৃতদেহ উদ্ধাৰ

Last Updated : Feb 9, 2022, 10:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.