ETV Bharat / bharat

Delhi police arrested terrorist : পাকিস্তানলৈ যোৱা পৰিকল্পনা বিফল, দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী - Terrorist targets Hindu leader

পাকিস্তানী সন্ত্ৰাসবাদীৰ নিৰ্দেশত দুবাৰকৈ নেপাল ভ্ৰমণ কৰিছিল ধৃত সন্দেহজনক সন্ত্ৰাসবাদীজনে (Delhi police arrested terrorist)। নেপাল হৈ পাকিস্তানলৈ যোৱাৰো পৰিকল্পনা কৰিছিল । দিল্লী আৰক্ষীৰ জেৰাৰ অন্তত বিভিন্ন বিস্ফোৰক তথ্য প্ৰকাশ ।

Delhi police arrested terrorist
দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী
author img

By

Published : Jan 19, 2023, 2:23 PM IST

নেশ্যনেল ডেস্ক,১৯ জানুৱাৰী : সন্ত্ৰাসবাদীৰ সন্দেহত দিল্লী আৰক্ষীৰ জালত পৰা এজনক জেৰাৰ অন্তত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । সন্দেহজনক সন্ত্ৰাসবাদীজনে নেপাল হৈ পাকিস্তানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । কেইবাবাৰো প্ৰচেষ্টাৰ অন্তত নেপালৰ পাছপোৰ্ট পোৱাত ব্যৰ্থ হৈছিল লোকজন (Suspect terrorist failed to get Nepali Passport)।

উল্লেখ্য যে শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ সন্দেহত জগজিৎ সিং আৰু নৌচাদ আলী নামৰ দুজন লোকক জাহাংগীৰপুৰীৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Suspect terrorist Naushad Ali arrested)। নৌচাদ আলীক জেৰাৰ অন্তত কেইবাটাও ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । দিল্লী আৰক্ষীক জনোৱা মতে নেপাল হৈ পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত নৌচাদ বিফল হৈছিল । নৌচাদে প্ৰকাশ কৰিছে যে তেওঁ নেপালী পাছপোৰ্ট লাভৰ ক্ষেত্ৰত দুবাৰকৈ বিফল হৈছিল ।

নৌচাদে প্ৰকাশ কৰা মতে তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য আছফাক আৰু ছুহেইলৰ সৈতে যোগাযোগ ৰাখিছিল (Naushad Ali relation with Pak handler)। ইয়াৰে ছুহেইলে পাঞ্জাৱৰ কেইগৰাকীমান নেতাক হত্যাৰ পৰিকল্পনা কৰিছিল । বিভিন্ন কাৰাগাৰত থকা সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত নৌচাদে সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে ২০১৯ চনত নৌচাদে পাকিস্তানৰ সহযোগীৰ নিৰ্দেশত দুবাৰকৈ নেপাল ভ্ৰমণ কৰিছিল । পাকিস্তানলৈ যাবলৈ নেপালী পাছপোৰ্টৰ বাবে তেওঁ আবেদনো জনাইছিল (Arrested terrorist Naushad tried to reach Pak)। কিন্তু নৌচাদে পাছপোৰ্ট নাপালে । কাৰণ যিজন ব্যক্তিয়ে তেওঁক পাছপোৰ্ট লাভৰ ক্ষেত্ৰত সহায় কৰিব বুলি ধৰা হৈছিল সেই বিষয়াগৰাকীক ইতিমধ্যে উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে, নৌচাদ আলী আৰু তেওঁৰ সহযোগী জগজিৎ সিং ওৰফে জগ্গাক দিল্লীত আটক কৰা হৈছিল । সূত্ৰৰ মতে নিষিদ্ধ হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীসকলে দীৰ্ঘদিন ধৰি নৌচাদৰ সৈতে সম্পৰ্ক ৰাখিছিল । তেওঁ পাক সন্ত্ৰাসবাদী আছফাক ওৰফে আৰিফৰ সৈতে নিৰন্তৰ যোগাযোগত আছিল বুলিও কোৱা হৈছে ।

নৌচাদক দিল্লী আৰক্ষীৰ বিশেষ কোষে জেৰা চলোৱাৰ সময়ত এইটোও প্ৰকাশ পাইছে যে কাৰাগাৰত তেওঁ সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-আনছাৰৰ সৈতে জড়িত নাদিমক সাক্ষাৎ কৰিছিল । নাদিমে আনকি নৌচাদক হৰকত উল আনছাৰত অন্তৰ্ভুক্তও কৰিছিল । নৌচাদে ভাৰতৰ বিভিন্ন কাৰাগাৰত প্ৰায় ২৭ বছৰ অতিবাহিত কৰিছে । এই সময়ছোৱাত, তেওঁ বিভিন্ন সংগঠনৰ সন্ত্ৰাসবাদীক সাক্ষাৎ কৰিছিল । কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত, তেওঁ সেই সন্ত্ৰাসবাদীসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিল ।

আৰক্ষীয়ে কোৱা মতে হিন্দুত্ববাদী নেতাসকলক আক্ৰমণ কৰিবলৈ সন্ত্ৰাসবাদী সংগঠনবোৰে নৌচাদক ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল (Terrorist targets Hindu leader)। ইফালে ২৬ জানুৱাৰীৰ পূৰ্বে এই ধৰণৰ তথ্যবোৰ পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Indian Army Honour : ভাৰতীয় সেনাৰ খচ্চৰক হিৰো সন্মান প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.