ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ বিৰুদ্ধে সৰৱ পিডিপি নেত্ৰী মেহবুবা মুফটি

author img

By

Published : Feb 3, 2021, 8:57 PM IST

পিডিপিৰ যুৱ নেতাক জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে অমানৱীয় অত্যাচাৰ কৰাৰ অভিযোগ পিডিপি নেত্ৰী মেহবুবা মুফটিৰ । পিডিপিৰ যুৱ নেতা ৱাহিদ পাৰাৰ ওপৰত ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ । আৰক্ষীৰ কাৰ্যক লজ্জাজনক আখ্যা মুফটিৰ । আাৰক্ষীৰ ভূমিকাত ৰাজনৈতিক প্ৰভাৱ পৰাৰ অভিযোগ ।

PDP president Mehbooba Mufti
PDP president Mehbooba Mufti

নেচনেল ডেস্ক,৩ ফেব্ৰুৱাৰী: পিপলছ্‌ ডেম'ক্ৰেটিক পাৰ্টী (পিডিপি)ৰ যুৱ শাখা (য়ুথ ৱিঙ)ৰ সভাপতি ৱাহিদ পাৰাৰ গ্ৰেপ্তাৰক লৈ সৰৱ হৈ পৰিছে দলটোৰ নেত্ৰী মেহবুবা মুফটি । মঙলবাৰে এক অভিযোগ উত্থাপন কৰি মুফটিয়ে দাবী কৰে যে, জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে পিডিপিৰ যুৱ শাখাৰ সভাপতি গৰাকীক গ্ৰেপ্তাৰ কৰি যথেষ্ট অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে । ৱাহিদ পাৰাৰ ওপৰত কিছুমান মিছা গোচৰ জাপি দিয়া হৈছে বুলি অভিযোগ কৰাৰ লগতে মুফটিয়ে কয় যে, ৱাহিদে যাতে মিছা গোচৰ সমূহ মানি লয় সেই বাবে আৰক্ষীয়ে এনেদৰে ৱাহিদক অত্যাচাৰ কৰিছে ।

আৰক্ষীৰ কাৰ্যক লজ্জাজনক আখ্যা মুফটিৰ
আৰক্ষীৰ কাৰ্যক লজ্জাজনক আখ্যা মুফটিৰ

টুইটাৰৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুফটিয়ে কয় যে আইন আৰু শৃংখলা ধৰি ৰখা অনুষ্ঠানটোৰ এনে কাৰ্যই যথেষ্ট ভয়াবহ ইংগিত বহন কৰাৰ লগতে লজ্জাজনক আৰ এনে কাৰ্যই অনুষ্ঠানটোলৈ দুৰ্নাম কঢ়িয়াই আনিব ।

ৱাহিদৰ গ্ৰেপ্তাৰৰ গোচৰটো প্ৰথম দিনৰে পৰাই ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ অৰ্থে ঢাল খুওৱা হৈছে বুলি অভিযোগ কৰি মুফটিয়ে টুইটযোগে এইবুলি কয়, "J&K CID has joined the list of central agencies that work to terrorise Kashmiris & falsely implicate them.... Waheed is being persecuted & tortured to admit the false allegations. Since an admission didn't happen he is being kept under inhuman conditions. This investigation has been fraudulent & politically motivated from day one," ।

উল্লেখ্য যে সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ আৰু হিজবুল মুজাহিদ্দিনৰ সৈতে সংযোগ থকাৰ অভিযোগত পোনপ্ৰথমে নিয়াই পাৰাক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাছৰ পৰ্যায়ত নিয়াৰ আদালতে পাৰাক জামিন দিয়ে । জামিন লাভ কৰাৰ দুদিন পাছতে পুনৰ জম্মুত আৰক্ষীয়ে পাৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে অভিযুক্ত ৱাহিদ পাৰা আৰক্ষীৰ জিম্মাত আছে ।

লগতে পঢ়ক: অসামৰিক নেতাসকলক 'তৎক্ষণাৎ' মুক্তি দিবলৈ ম্যানমাৰ সেনালৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.