ETV Bharat / bharat

ভাৰতীয় সেনাৰ তৎপৰতা: LoCত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল

author img

By

Published : Sep 3, 2021, 10:00 AM IST

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত (LOC) সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু প্ৰতিটো সময়তে সষ্টম হৈ থকা ভাৰতীয় সেনাৰ বাবে সফল হ'ব পৰা নাই সন্ত্ৰাসবাদী । এইবাৰ পুনৰ সন্ত্ৰাসবাদীৰ এনে চেষ্টা বিফল কৰিলে ভাৰতীয় সেনাই ।

LoC
ভাৰতীয় সেনাৰ তৎপৰতা

নেশ্যনেল ডেস্ক,৩ ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদীৰ (militants) কাৰ্যকলাপ অব্যাহত আছে । কেইবাটাও অঞ্চলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে । ড্ৰোণৰ (Drone) কাৰ্যকলাপ অব্যাহত ৰখাৰ সমান্তৰালকৈ কেইবাটাও অঞ্চলত বিস্ফোৰণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে ।

ইয়াৰোপৰি নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টাও চলাই গৈছে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাৰ লগতে নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বাবে এই কাৰ্যত সফল হ'ব পৰা নাই সন্ত্ৰাসবাদী । জম্মুৰ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাত (LoC) অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে । কিন্তু নিৰাপত্তা বাহিনীৰ (Security forces) তৎপৰতাত সেই অপচেষ্টা বিফল হয় ।

ইফালে বুধবাৰে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ শ্বেৰবাগত এখন আৰক্ষী চকীত গ্ৰেনেড নিক্ষেপ কৰে । তাৰ পাছতে ভাৰতীয় চোৰাংচোৱা সংস্থাই (Indian intelligence agencies) কেইবাটাও সতৰ্কবাণী জাৰি কৰিছিল । কাশ্মীৰ উপত্যকাৰ সীমান্ত ৰেখা সন্ত্ৰাসবাদীয়ে অতিক্ৰম কৰাৰ লগতে কূটাঘাতৰ বৃহৎ পৰিকল্পনা কৰা আদি প্ৰায় ১০ টাকৈ সতৰ্কবাণী জাৰি কৰিছে চোৰাংচোৱা সংস্থাই ।

লগতে পঢ়ক :গুৱাহাটী বিমান বন্দৰত ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে আটক আৰবাজুদ্দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.