ETV Bharat / bharat

Chairman of Chiefs of Staff Committee : সাময়িকভাৱে দায়িত্ব প্ৰদান জেনেৰেল এম এম নাৰৱানেক

author img

By

Published : Dec 16, 2021, 9:37 AM IST

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ(Chairman of Chiefs of Staff Committee) হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন ৷

Gen Naravane appointed as Chairman of CoSC

Intro:Body:

নিউজ ডেস্ক, 16 ডিচেম্বৰ : ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক অৰ্থাৎ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ আকস্মিক মৃত্যুৰ(Death of General Bipin Rawat) পাচত এতিয়া চৰ্চিত হৈ পৰিছে এটা বিষয় ৷ সেয়া হ’ল, কোন হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ ?

জ্যেষ্ঠতাৰ ফালৰ পৰা তিনিওটা বিভাগৰ সেনাৰ মাজৰ পৰা এগৰাকী বিষয়াক এই দায়িত্ব অৰ্পন কৰা হয় ৷ বৰ্তমান স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন কৰা হৈছে (Gen Naravane appointed as Chairman of CoSC) ৷

অৱশ্যে সূত্ৰই জনোৱা মতে, চীফ অৱ ডিফেন্স ষ্টাফ পদত কোনো এজন বিষয়াক স্থায়ীভাৱে নিযুক্তি প্ৰদান নকৰালৈকে হে দায়িত্বত থাকিব নাৰৱানে ৷

তামিলনাডুৰ কুন্নুৰত সংঘটিত IAF Mi17V5 হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হোৱাত এতিয়া খালী হৈ আছে এই পদটো ৷ গতিকে এই পদটো শীঘ্ৰে পূৰণ কৰাতো জৰুৰী হৈ পৰিছে ৷ কিন্তু বৰ্তমানেও যিহেতু কোনো এজন বিষয়াক বিপিন ৰাৱাটৰ স্থলাভিসিক্ত কৰা হোৱা নাই ৷ গতিকে চীফ অৱ ডিফেন্স ষ্টাফৰ কাম-সাজ সমূহ আগবঢ়াই নিবলৈ জেনেৰেল নাৰৱানেক দায়িত্ব দিয়া হৈছে ৷

উল্লেখ্য যে, 2019 চনত ভাৰতৰ তিনিওচা সেনা বাহিনী একত্ৰিত কৰি এজন চীফ অৱ ডিফেন্স ষ্টাফ নিয়োগ কৰা হৈছিল ৷ জেনেৰেল বিপিন ৰাৱাট ভাৰতৰ প্ৰথম গৰাকী চীফ অৱ ডিফেন্স ষ্টাফ ৷

লগতে পঢ়ক : Bandh announced in Mon district : নগালেণ্ডৰ ম'ন জিলাত দহ ঘন্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.