ETV Bharat / bharat

৫ দিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ এম এম নাৰাভানেই - জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

বৃহস্পতিবাৰে বাংলাদেশলৈ ৰাওনা হ'ল সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে । দুয়োখন চুবুৰীয়া দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে ৫ দিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ গৈছে সেনাপ্ৰধানগৰাকী । অহা ১১ এপ্ৰিলত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব নাৰাভানেই । তেওঁ বাংলাদেশৰ স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ তিনিগৰাকী মুৰব্বী বিষয়াৰে বৈঠকত মিলিত হ'ব ।

৫ দিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ ৰাওনা সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

author img

By

Published : Apr 8, 2021, 3:01 PM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সহযোগিতা আৰু সমন্বয় অধিক সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে বাংলাদেশলৈ বৃহস্পতিবাৰে বাংলাদেশলৈ ৰাওনা হৈছে ভাৰতৰ সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণৰ দুসপ্তাহ নৌহওঁতেই ৫ দিনীয়া ভ্ৰমণসূচীৰে সেনাপ্ৰধানগৰাকীয়ে বাংলাদেশলৈ যাত্ৰা কৰিছে ।

সেনাৰ বাহিনীৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে জেনেৰেল নাৰাভানেই বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত সাহসেৰে যুঁজি প্ৰাণ আহুতি নায়কসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইয়াৰ পিছত তেওঁ বাংলাদেশৰ স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ তিনিগৰাকী মুৰব্বী বিষয়াৰে বৈঠকত মিলিত হ'ব । সেনাপ্ৰধানগৰাকীয়ে অহা ১১ এপ্ৰিলত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব ।

সেনাৰ মুখপাত্ৰ কৰ্ণেল অমন আনন্দে কয় যে, ৮-১২ এপ্ৰিললৈ সেনাপ্ৰধানগৰাকীৰ এই ভ্ৰমণসূচীয়ে দুয়োখন দেশৰ সেনা বাহিনীৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰি তুলিব । লগতে চুবুৰীয়া দেশ দুখনৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সমন্বয় আৰু সহযোগিতা গঢ়ি তোলাত এই ভ্ৰমণ সহায়ক ৰূপে পৰিগণিত হ'ব বুলিও আশাবাদী মুখপাত্ৰগৰাকী । চলিত বৰ্ষটো বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস আৰু বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকীৰ বাবে অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

চুবুৰীয়া দেশখনৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতেও কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছিল । উল্লেখ্য যে, ১৯৭১ চনৰ ১৬ ডিচেম্বৰত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই ভাৰতীয় সেনা আৰু "মুক্তি বাহিনী"ৰ যুটীয়া বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু ই বাংলাদেশৰ স্বাধীনতা লাভৰ পথ প্ৰশস্ত কৰিছিল ।

কৰ্ণেল আনন্দে কয় যে, জেনেৰেল নাৰাভানেই অহা ১২ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ কমাণ্ডাৰ আৰু ৰয়েল ভূটান সেনাৰ উপ-মুখ্য অপাৰেছন বিষয়াৰ সৈতেও আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে । সেনাপ্ৰধানগৰাকীয়ে ৪-১২ এপ্ৰিললৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্দেশিত বহুপাক্ষিক সন্ত্ৰাসবাদ বিৰোধী অনুশীলন 'শান্তিৰ অগ্ৰসেনা'ৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ।

বাংলাদেশ আৰু ভাৰতৰ সেনাবাহিনীৰ উপৰিও, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, তুৰস্ক আৰু চৌদি আৰৱৰ পৰ্যবেক্ষক আৰু ভূটান আৰু শ্ৰীলংকাই এই অনুশীলনত অংশগ্ৰহণ কৰিছে । সেনাপ্ৰধানগৰাকীয়ে বাংলাদেশ শান্তি সমৰ্থন আৰু প্ৰশিক্ষণ অভিযান প্ৰতিষ্ঠানৰ সদস্যসকলৰ সৈতেও বাৰ্তালাপ কৰাৰ কথা আছে বুলি জানিবলৈ দিছে সেনাৰ মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক:বিধানসভাৰ সদস্যপদ হেৰুৱাব পাৰে মুখতাৰ আনছাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.