ETV Bharat / bharat

সীমান্তৰ আন্তঃগাঁথনিকলৈ হিমাচলৰ ৰাজ্যপাল আৰু সেনাপ্ৰধানৰ আলোচনা - Walker Hospital

ভাৰত-চীন সীমান্ত আন্তঃগাঁথনিৰ উন্নয়ন সম্পৰ্কীয় বিষয়ত আলোচনাৰ বাবে সেনাপ্ৰধান জেনেৰেল এম.এম নাৰভানে শুকুৰবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ক সাক্ষাৎ কৰে । ৰাজ্যপালগৰাকীয়ে চীনৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পূৰ্বে সেনা প্ৰধানজনে সেনা প্ৰশিক্ষণ কমাণ্ড (ARTRAC) পৰিদৰ্শন কৰে ।

Army chief discuses
সীমান্তৰ আন্ত:গাঁথনিকলৈ হিমাচলৰ ৰাজ্যপাল আৰু সেনাপ্ৰধানৰ আলোচনা
author img

By

Published : Jun 25, 2021, 10:38 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন : ভাৰত-চীন সীমান্ত বিবাদকলৈ বিভিন্ন মহলত আলোচনা অব্যাহত আছে । ইয়াৰ মাজতে ভাৰত-চীন সীমান্ত আন্তঃগাঁথনিৰ উন্নয়ন সম্পৰ্কীয় বিষয়ত আলোচনাৰ বাবে সেনাপ্ৰধান জেনেৰেল এম.এম নাৰভানে শুকুৰবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ক সাক্ষাৎ কৰে । সাক্ষাতৰ পিছতে জেনেৰেল নাৰাভানে কয় যে তেওঁ চিমলাস্থিত আৰ্মি ট্ৰেইনিং কমাণ্ডত (ARTRAC) সেৱা আগবঢ়াইছিল আৰু হিমাচলক তেওঁৰ পুৰণি ঘৰ হিচাপে গণ্য কৰে লগতে তেওঁ সদায় ঠাইখন ভ্ৰমণ কৰি আনন্দিত অনুভৱ কৰে বুলিও উল্লেখ কৰে । তেওঁ লগতে কয় যে ভাৰতীয় সেনাই শত্ৰুৰ প্ৰতিটো জঘন্য প্ৰচেষ্টাৰ উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সক্ষম ।

সেনা প্ৰধানগৰাকীয়ে দৃঢ়তাৰে কয় যে চীনৰ সৈতে সীমাৰ ক্ষেত্ৰত আলোচনা চলি আছে আৰু চিন্তা কৰাৰ কোনো প্ৰয়েজন নাই । তেওঁৰ মতে ভাৰতীয় সেনা সম্পূৰ্ণ সতৰ্ক হৈ আছে আৰু পৰ্যাপ্ত সেনা আৰু যন্ত্ৰপাতি মোতায়েন কৰা হৈছে । নাৰভানে লগতে কয় যে অহা ৫-১০ বছৰৰ ভিতৰত সীমান্ত অঞ্চলত পথ নিৰ্মাণৰ বাবে সেনাই এক পৰিকল্পনা প্ৰস্তুত কৰিছে যিয়ে প্ৰব্ৰজন পৰীক্ষাৰ উপৰিও অঞ্চলসমূহৰ বিকাশত সহায় কৰিব ।

নাৰভানে উল্লেখ কৰে যে যুৱসমাজৰ মাজত সেনাৰ প্ৰতি যথেষ্ট উৎসাহ আছে আৰু তেওঁলোকৰ বহু সংখ্যকে বাহিনীত যোগদান কৰিবলৈ ইচ্ছুক । আনকি দেশৰ প্ৰতিখন জিলাই সেনাবাহিনীক প্ৰতিনিধিত্ব কৰাৰ এক প্ৰচেষ্টা অব্যাহত আছে ।

ইফালে ৰাজ্যপালগৰাকীয়ে চীনৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে অঞ্চলটোত পথ, হেলিপেড আৰু অন্যান্য আন্তঃগাঁথনিৰ বিকাশত ভাৰতীয় সেনাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । সীমান্তৰ কাষৰীয়া গাঁওবোৰৰ যুৱক-যুৱতীসকলে উন্নত নিযুক্তিৰ বাবে চহৰলৈ প্ৰব্ৰজন কৰি আহিছে সেয়ে স্থানীয় পৰ্যায়ত স্ব-নিযুক্তি আৰু নিযুক্তিৰ সম্ভাৱনা অন্বেষণ কৰিব লাগিব বুলিও ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে ।

ৰাজ্যপালগৰাকীয়ে সেনা প্ৰধানক অৱগত কৰা মতে হিমাচল প্ৰদেশৰ নিম্ন বেল্টৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ যুৱক-যুৱতীয়ে ভাৰতীয় সেনাত সেৱা আগবঢ়াই আছে আৰু ৰাজ্যখনত প্ৰাক্তন সৈনিকৰ সংখ্যাও যথেষ্ট বেছি । তেওঁ চিমলাৰ ৱাকাৰ চিকিৎসালয়ৰ (Walker Hospital) বিষয়টো সেনা প্ৰধানৰ ওচৰত উত্থাপন কৰাত নাৰভানে আশ্বাস দিয়ে যে অতি সোনকালে চিকিৎসালয়খন আৰম্ভ কৰাৰ প্ৰচেষ্টা কৰা হ'ব । সেনাসকলৰ মাজত কৰ'ণা মহামাৰীৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সেনাপ্ৰধানগৰাকীয়ে কয় যে সেনাই এক কঠোৰ প্ৰট'কল পালন কৰি আছে যাৰ বাবে সীমান্ত অঞ্চলত নিযুক্ত সেনাৰ আক্ৰান্তৰ হাৰ যথেষ্ট কম ।

ব্যাপকভাৱে কৰ'ণা পৰীক্ষা কৰা হৈছে আৰু ছুটিৰ পৰা উভতি অহা সৈনিকসকলক দুবাৰকৈপৰীক্ষা কৰা হৈছে । ইয়াৰ উপৰিও ১৪ দিনৰ বাবে সম্পূৰ্ণ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে বুলিও সেনাপ্ৰধানগৰাকীয়ে কয় । নাৰভানে সীমান্ত অঞ্চলত নাৰ্কো-সন্ত্ৰাসবাদৰ (narco-terrorism) ঘটনা সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰি কয় যে স্থানীয় প্ৰশাসনে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । উল্লেখ্য যে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পূৰ্বে সেনা প্ৰধানজনে সেনা প্ৰশিক্ষণ কমাণ্ড (ARTRAC) পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:লালু প্ৰসাদৰ আগমনে কেনে প্ৰভাৱ পেলাব বিহাৰৰ ৰাজনীতিত ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.