ETV Bharat / bharat

Amshipora fake encounter case: সেনা কেপ্টেইন ভূপেন্দ্ৰ সিঙৰ আজীৱন কাৰাদণ্ডৰ শুনানি স্থগিত - granted conditional bail

দিল্লীৰ সশস্ত্ৰ বাহিনীৰ ন্যায়াধীকৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ২০২০ চনৰ জুলাইত দক্ষিণ কাশ্মীৰৰ আমশিপোৰা গাঁৱত তিনি লোকক সন্ত্ৰাসবাদীৰ নাম লৈ হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা সেনা কেপ্টেইন ভূপেন্দ্ৰ সিঙৰ আজীৱন কাৰাদণ্ডৰ শুনানি স্থগিত ন্যায়াধীকৰণৰ ৷

Amshipora fake encounter case
সেনা কেপ্টেইন ভূপেন্দ্ৰ সিঙ আজীৱন কাৰাদণ্ডৰ শুনানি স্থগিত
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:55 AM IST

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰ : দিল্লীৰ সশস্ত্ৰ বাহিনীৰ ন্যায়াধীকৰণে ২০২০ চনৰ জুলাইত দক্ষিণ কাশ্মীৰৰ আমশিপোৰা গাঁৱত সংঘটিত হোৱা এক সংঘৰ্ষত তিনি লোকক সন্ত্ৰাসবাদীৰ নাম লৈ হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা সেনা কেপ্টেইন ভূপেন্দ্ৰ সিঙৰ আজীৱন কাৰাদণ্ডৰ শুনানি স্থগিত ৰাখে ৷ ইয়াৰ পৰিৱৰ্তে ন্যায়াধীকৰণে কেপ্টেইন ভূপেন্দ্ৰ সিঙক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে ৷

ন্যায়াধীকৰণে লগতে 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰি প্ৰতি মাহৰ প্ৰথম সোমবাৰে তেওঁক মুখ্য পঞ্জীয়কৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । তাৰ পিচতে কেপ্টেইন সিঙৰ পৰামৰ্শদাতা মেজৰ (অৱসৰপ্ৰাপ্ত) সুধাংশু এছ পাণ্ডেই এই সন্দৰ্ভত কয় যে, এই ঘটনা এতিয়াও বিচাৰাধীন। অৱশ্যে কেপ্টেইনগৰাকীৰ জামিন মঞ্জুৰ হোৱাটো নিশ্চিত ৷

মেজৰ (অৱসৰপ্ৰাপ্ত) সুধাংশু এছ পাণ্ডেই ঘটনাৰ সন্দৰ্ভত কয়, "এনেদৰে যুৱ বিষয়াজনক দোষী সাব্যস্ত কৰিলে আন বিষয়াসকলৰ ওপৰত অতি নিৰুৎসাহিত প্ৰভাৱ পৰিব, এইসকল জোৱানে ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে প্ৰাণত্যাগ কৰিছে । এই সিদ্ধান্তই এক বিৰূপ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ সম্ভাৱনা আছে ৷ য’ত জোৱানসকলে এনে অভিযানত বিষয়াসকলৰ আদেশৰ বাবে নিজৰ জীৱন বিপদত পেলোৱাৰ পৰিৱৰ্তে এনে অভিযান চলালে লিখিত আদেশৰ ওপৰতহে জোৰ দিয়াৰ সম্ভাৱনা অধিক । সশস্ত্ৰ বাহিনীৰ আইনৰ শাসন বজাই ৰখাৰ বাবে ন্যায়াধীকৰণৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷"

2020 চনৰ 18 জুলাইত জম্মু কাশ্মীৰৰ আমশিপোৰাত সংঘটিত হোৱা এক সংঘৰ্ষত ৰাজৌৰী জিলাৰ তিনি লোকক হত্যা কৰা হৈছিল ৷ তিনি লোকৰ নাম মতিয়াজ আহমেদ, আব্ৰাৰ আহমেদ আৰু মহম্মদ ইব্ৰাৰ বুলি জানিব পৰা হৈছিল ৷ পৰৱৰ্তী সময়ত তিনি লোকক সন্ত্ৰাসবাদী বুলি চিহ্নিত কৰা হৈছিল ।

লগতে পঢ়ক: Bank Account Crores Credit : হঠাৎ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা, ইয়াৰ পিছত কি হ’ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.