ETV Bharat / bharat

মণিপুৰৰ সীমান্তত আছাম ৰাইফলছৰ সুৰক্ষা বৈঠক - মণিপুৰৰ সীমান্তত আছাম ৰাইফলছৰ সুৰক্ষা বৈঠক

ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্যে সোমবাৰে আছাম ৰাইফলছে এক বৈঠকৰ আয়োজন কৰে ৷ মণিপুৰৰ সীমান্ত অঞ্চলত আয়োজন কৰা হয় এই বৈঠকৰ ৷

মণিপুৰৰ সীমান্তত আছাম ৰাইফলছৰ সুৰক্ষা বৈঠক

author img

By

Published : Mar 10, 2021, 8:54 PM IST

ইম্ফল,10 মাৰ্চঃ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্যে সোমবাৰে আছাম ৰাইফলছে মণিপুৰৰ সীমান্ত অঞ্চলত এক বৈঠকত মিলিত হয় ৷ অকল মণিপুৰৰে প্ৰায় 390 কিল'মিটাৰ ভাৰতীয় সীমান্তৰ অন্তৰ্গত ৷ কিন্তু সীমান্তৰ ভূমি বিবাদৰ পৰিপ্ৰেক্ষিতত তেংনৌপাল জিলাৰ মোৰেহ ছেক্টৰৰ আন্তৰাষ্ট্ৰীয় সীমান্তত 10 কিল’মিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ আধাতে বন্ধ হৈ পৰে ৷

আছাম ৰাইফলছৰ ইঞ্চপেক্টৰ জেনেৰেল(দক্ষিণ)ৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত প্ৰকাশ পাইছে যে, উখৰুল জিলাৰ তুষম গাঁৱত সেনাৰ 19 নং ক্ষেত্ৰৰ তত্বাৱধানত গাঁৱৰ সুৰক্ষা বৈঠকখন অনুষ্ঠিত কৰা হয় ৷ ইয়াত আৰু উল্লেখ কৰা হয় যে, ম্যানমাৰত আং ছান চ্যু কীৰ চৰকাৰৰ পতনৰ পিছতেই সেনাই দেশখনৰ শাসনভাৰ গ্ৰহণৰ অচিলা লৈ ভাৰতত ম্যানমাৰ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷

এই বৈঠকখন স্থানীয় লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল ৷ বিবৃতিত উল্লেখ কৰিছে যে, চাল্লাও, কুংগাই, পুৰণি আৰু নতুন ৱাহং, নতিন তুষম, তুষম খুলন আৰু তুষুম চিভি সীমান্তৱৰ্তী গাঁওসমূহৰ গাঁওবুঢ়াৰ লগতে গাঁও পঞ্চায়তৰ সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : নন্দীগ্ৰাম সমষ্টিৰ পৰা মনোনয়ন দাখিল মমতা বেনাৰ্জীৰ

For All Latest Updates

TAGGED:

assam rifles
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.